NORTHEAST NOW (Assamese)

কলিয়াবৰত শোকাবহ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত আন দুজন যুৱক

April 21, 2021 11:29 am · ৰিদীপ শৰ্মা
Updated: April 21, 2021 2:40 pm
ফটো: নৰ্থইষ্ট নাও।

মঙলবাৰে নিশা কলিয়াবৰত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়। কলিয়াবৰৰ বুঢ়াপাহাৰৰ নহৰুবস্তিত শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা অনুসৰি নিশা কলিয়াবৰৰ বুঢ়াপাহাৰৰ নহৰুবস্তিত এছ ০৩ আৰ ৯১০৩ নম্বৰৰ মটৰ চাইকেল খনৰ লগত এছ ০৩ ডব্লিউ ২০৯৮ নম্বৰৰ পালচাৰ মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত গোলাঘাট জিলাৰ বনগাওঁৰ জ্ঞানদীপ বৰা (২৩ )নামৰ যুৱকজন থিতাতে নিহত হয়।

আনহাতে, পাপলু কলিতা ( যোৰহাট) (২১), বিকাশ সোনাৰ (কাৰ্বি আংলং ডিফু) (২১ নামৰ যুৱক দুজন গুৰুতৰভাবে আহত হয়।

অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগেই বাগৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনিওকে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে জ্ঞানদীপ বৰাক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে জ্ঞানদীপ বৰাক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে।

Related News