NORTHEAST NOW (Assamese)

অৰুণাচলৰ ৰয়িং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন অসমৰ ড্ৰাগছ সৰবৰাহকাৰীক

September 30, 2019 8:04 pm · মানস প্ৰতিম গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

উজনি অসমৰ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত ব্যাপক হাৰত চলি থকা ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে।

চলিত বৰ্ষত অৰুণাচল আৰক্ষীয়ে কেইবাগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ পাছত দেওবাৰে নিশা পুনৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত এজন যুৱকক আটক কৰে।

জানিব পৰা অনুসৰি অৰুণাচল প্ৰদেশৰ ৰয়িং আৰক্ষীয়ে অভিযান চলাই শদিয়াৰ চেপাখোৱাৰ গোবিন্দ গগৈ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে ২০০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে যুৱকজনক জেৰা চলাই থকাৰ কথাও উল্লেখ কৰে।

উল্লেখ যে চলিত মাহত ৰয়িং আৰক্ষীয়ে ৮ জন ড্ৰাগছ সৰবৰাহকাৰীক গেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Related News