NORTHEAST NOW (Assamese)

বিলুপ্তপ্ৰায় সোণালী বান্দৰ! কাকৈজানাত ২৪ নৱেম্বৰৰ পিছত পুনৰ অচিনাক্ত বাহনৰ খুন্দাত সোণালী বান্দৰৰ মৃত্যু

December 25, 2018 11:28 am · এন ই নাও নিউজ
Updated: December 25, 2018 11:34 am

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৰ কাকৈজানা সংৰক্ষিত বনাঞ্চৰ পৰা খাদ্যৰ সন্ধানত এটা সোণালী বান্দৰে পথ অতিক্ৰম কৰিবলৈ লওঁতেই অচিনাক্ত তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে ১৯৬৬ চনত বনাঞ্চল ৰূপে স্বীকৃতি পোৱা কাকৈজানা সংৰক্ষিত বনাঞ্চলখন পৃথিৱী ভিতৰতে লুপ্তপ্ৰায় সোণালী বান্দৰৰ বাবে বিখ্যাত। বনাঞ্চখনত থকা প্ৰায় ৬০ টা সোণালী বান্দৰ বৰ্তমন অস্তিত্বৰ সংকটত ভূগিছে। স্থানীয় ৰাইজ আৰু বেচৰকাৰী তথা বন্যপ্ৰেমী সংগঠনে বনাঞ্চখন অভয়াৰণ্যলৈ বদলি কৰিবৰ বাবে বিভিন্ন সময়ৰ পৰা দাবী জনাইছে।

বৰ্তমান বনাঞ্চলখনত থকা বন্য জীৱ-জন্তু সমূহ তথা বিলুপ্তপ্ৰায় সোণালী বান্দৰ সমূহ খাদ্যৰ সংকটত পৰি জনাঞ্চললৈ ওলাই অহাত বিভিন্ন সয়মত মৃত্যুৰ মুখত পৰি আহি আছে।

আনহাতো যোৱা ২৪ নৱেম্বৰটো বনাঞ্চখনত এটা সোণালী বান্দৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লৈছিল। এনেদৰে হৈ থাকিলে এদিন বনাঞ্চখনত সোণালী বান্দৰ নোহোৱা হৈ যাব বুলি স্থানীয় ৰাইজ আৰু বন্যপ্ৰেমী সংগঠন সমূহে মন্তব্য কৰে।

Related News