NORTHEAST NOW (Assamese)

অসম আৰক্ষীৰ কমাণ্ডোক হত্যা কৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ

June 5, 2019 11:18 am · এন ই নাও নিউজ
Updated: June 5, 2019 3:03 pm
গিৰীশ দত্ত(মাজত)

তিনিচুকীয়া জিলাৰ মাকুমত গিৰীশ দত্ত নামৰ এজন অসম আৰক্ষীৰ কমাণ্ডোক নৃশংসতাৰে হত্যা কৰা ঘটনাৰ সৈতে জড়িত এজন লোকক মঙলবাৰে আটক কৰিছে আৰক্ষীয়ে।

এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে এক অভিযান চলাই মিণ্টু চেতিয়া নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

‘হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত থকা চুতীয়াক মঙলবাৰে মাকুম অঞ্চলৰ বাৰেকুৰি বৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান ঘটনা সংক্ৰান্তত তেওঁক জেৰা চলাই থকা হৈছে’। এই কথা জানিবলৈ দিয়ে তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদে।

উল্লেখ্য যে দেওবাৰে নিশা একাংশ অচিনাক্ত দুৰ্বৃত্তই নিজৰ ঘৰৰ সন্মুখতে খেদি খেদি ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল অসম আৰক্ষীৰ কমাণ্ডো গিৰীশ দত্তক।

এই হত্যাকাণ্ডৰ পাছতে সমগ্ৰ তিনিচুকীয়া তথা মাকুম অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। হত্যাকাৰীক আটক কৰাৰ দাবীৰে ইতিমধ্যে মাকুমবাসীয়ে ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰা পৰিলক্ষিত হৈছিল।

Related News