মঙলদৈত দেশী মদ অবৈধভাৱে মজুত আৰু বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজনক

বিপুল বৰুৱাৰ ঘৰত আৰক্ষীৰ অভিযান

দেশী মদ অবৈধভাৱে মজুত ৰখা আৰু বিক্ৰী কৰাৰ অভিযোগত মঙলদৈ চহৰৰ ৭ নং ৱাৰ্ডৰ বিপুল বৰুৱা (৪৯ বছৰীয়া) নামৰ গেলামাল দোকানী এজনক আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছে।

দেওবাৰে বৰুৱাক জিলা আদালতত হাজিৰ কৰা হৈছে বুলি আবকাৰী বিভাগৰ সূত্ৰত প্ৰকাশ।

আৰক্ষী সূত্ৰ অনুসৰি উপ আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাই আৰু উপ পৰিদৰ্শক প্ৰেম অংকুৰ হাজৰিকাৰ নেতৃত্বত যোৱা মঙলদৈ আৰক্ষীৰ এটা দলে শনিবাৰে নিশা অভিযান চলাই ব্যৱসায়ীজনৰ ঘৰ আৰু দোকানৰ পৰা ১৮০মি.লি. পৰিমাণৰ ১শ বটল দেশী দাৰু জব্দ কৰে।

জব্দ কৰা মদৰ বটলসমূহ আবকাৰী বিভাগৰ হাতত অৰ্পণ কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত আবকাৰী বিভাগে বৰুৱাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।