লখিমপুৰত চোৰাং বন্যপ্ৰাণী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ : উদ্ধাৰ কেঁকোসাপ

Tokay Gecko

লখিমপুৰত এডাল কেঁকোসাপসহ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ঘটনাৰ বিৱৰণীৰ মতে জিলাখনৰ বগীনদী অঞ্চলৰ নগাঁও চাৰিআলিৰ পৰা এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে এডাল কেঁকোসাপ উদ্ধাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোকজন ভীমপুৰা গাঁও পঞ্চায়তৰ পামেং গাঁৱৰ কানেং মুছাহাৰীৰ পুত্ৰ বাবুছা মুছাহাৰী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

মংগলবাৰে সন্ধিয়া বাবুছা মুছাহাৰীয়ে এখন মটৰ চাইকেলত আহি থকা অৱস্থাত আৰক্ষীয়ে বগীনদীৰ নগাঁও চাৰিআলিত গ্ৰেপ্তাৰ কৰি কেঁকোসাপটো উদ্ধাৰ কৰি লখিমপুৰ বনবিভাগৰ হাতত চমজাই দিয়ে।

পিছত বনবিভাগে জিলাখনৰ কাকৈ সংৰক্ষিত বনঞ্চালত উক্ত কেঁকোসাপটো এৰি দিয়ে।

এই ঘটনাই জিলাখনত বন্যপ্ৰাণী চোৰাং সৰবৰাহ যে এতিয়াও অব্যাহত আছে সেয়া প্ৰমাণ কৰিছে বুলি সচেতন লোকসকলে মত প্ৰকাশ কৰিছে।

উল্লেখ্য লখিমপুৰৰ কুকৈ আৰু দুলুং বনাঞ্চলত যথেষ্ট পৰিমাণে কেঁকোসাপ পোৱা যায়। সেয়ে উক্ত বনাঞ্চলৰ পৰা কেঁকোসাপ ধৰি চোৰাং ব্যৱসায়ীয়ে এক কিলোগ্ৰাম এটা কেঁকোসাপ মাত্ৰ ৫০০ টকাৰ বিনিময়ত অৰুণাচল প্ৰদেশত বিক্ৰী কৰে বুলি জানিব পৰা গৈছে।

ইফালে উক্ত বনাঞ্চলসমূহৰ পৰা নাহৰ গছ কাটি চোৰাংভাৱে অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰা হয় বুলিও দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে।