পূব জয়ন্তীয়া পাহাৰত ষ্টাৰ চিমেন্ট ফেক্টৰীত বিস্ফোৰণত আহত এজন

Blast in Star Cement factory

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ লামছনঙত ষ্টাৰ চিমেন্টৰ ফেক্টৰীত শনিবাৰে সংঘটিত হোৱা এক বিস্ফোৰণত এজন লোক আহত হয়।

লামছনং অঞ্চলৰ ষ্টাৰ চিমেন্ট ফেক্টৰীৰ ভিতৰৰ কৰ্মীসকলৰ আৱাসিক কল’নি লেন-৩ত শনিবাৰে নিশা প্ৰায় ৮-৪০ বজাত বিস্ফোৰণটো সংঘটিত হয়। এগৰাকী আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।

পূব জয়ন্তীয়া পাহাৰৰ অৰক্ষী অধীক্ষক দীপক কুমাৰ পালেচাই খেলেৰিহাটৰ পৰা লামছনঙলৈ পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হয়।

‘’ষ্টাৰ চিমেন্টৰ এগৰাকী কৰ্মীয়ে সামান্য আঘাত পাইছে আৰু বিস্ফোৰণৰ ফলত দুটা কোঠা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে’’-তেওঁ কয়।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে তেওঁলোকে বিস্ফোৰণৰ প্ৰকৃত কাৰণ নিশ্চিত কৰিবলৈ অনুসন্ধান চলাইছে।

ছুকিলোত হোৱা এক বিস্ফোৰণৰ পাছত জয়ন্তীয়া পাহাৰত এইটো দ্বিতীয় বিস্ফোৰণৰ ঘটনা।

ষ্টাৰ চিমেন্ট উত্ততৰ-পূব ভাৰতৰ অন্যতম বৃহৎ চিমেন্ট উৎপাদনকাৰী সংস্থা।

জয়ন্তীয়া পাহাৰৰ শ্বিলঙৰ পৰা শিলচৰ অভিমুখে  ১৩৫কিলোমিটাৰ দূৰত ৪৪নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে  লামছনঙৰ ২০০ হেক্টৰ ভূমি জুৰি আছে প্ৰকল্পটো।

এই বৃহৎ চিমেন্ট কোম্পানীটোত ৫৮গৰাকী লোক কোভিড-১৯ পজিটিভ হোৱাৰ পাছত যোৱা ছেপ্টেম্বৰ মাহত বাতৰিৰ শিৰোণামলৈ আহিছিল।

মেঘালয় চৰকাৰে ৰেণ্ডম নমুনাত কোভিড-১৯ পজিটিভ ৰোগী পোৱাৰ পাছত চিমেন্ট প্ৰকল্পটো বন্ধ ৰখাৰ চিন্তা-চৰ্চা কৰিছিল।