মহানগৰীত অটোত উদ্ধাৰ ইনছাছ ৰাইফল; আটক অটো চালক

auto rickshaw

প্রতিনিধিত্বমূলক চিত্র

আজি মহানগৰীৰ ৰাজগড় ৰোডত আৰক্ষীয়ে এখন অটোৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে এটা ইনছাছ ৰাইফল । ৰাইফলটোৰ লগতে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকা অটো আৰু চালকজনকো আটক কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিগ বজাৰৰ সমীপত আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়ত দেৱৰাজ ঠাকুৰীয়া নামৰ এজন ১২ এপিবিএনৰ জোৱানৰ ৰাইফলটো এখন অটোত ৰৈ যায়। ইয়াৰ পাছতে অটো চালকজনে উক্ত স্থানৰ পৰা অটো লৈ উধাও হয়। লগে লগে জোৱানজনে অটোখনৰ পৰা ৰাইফলটো উদ্ধাৰৰ চেষ্টা চলাই যদিও উদ্ধাৰ কৰিবলৈ সামৰ্থ নহ’ল।

ৰাইফলটো উদ্ধাৰৰ বাবে চলোৱা প্ৰচেষ্টাৰ সময়ত জোৱানজন সামান্য পৰিমানে আঘাত হোৱা বুলিও প্ৰকাশ কৰে। লগতে অটোখনৰ মিটাৰ বক্সত লাগিহে ৰাইফলটো গুচি যোৱা বুলিহে সংবাদ মাধ্যমৰ আগত জোৱানজনে উল্লেখ কৰে।

ইফালে ভঙাঘৰ আৰক্ষীয়ে আজি পুৱা এজন লোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই ৰাইফলসহ উদ্ধাৰ কৰে এ এছ ০১ ই চি ১৬৩৩ নম্বৰৰ অটোখন। অটোখনৰ গৰাকী কমল দাস বুলি সদৰি কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব থকা এডিজিপি অমিতাভ বসুমতাৰীৰ অধীনত সম্প্ৰতি ভঙাগড় থানাত অটো চালক আৰু জোৱানজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।