বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

road-accident-1

দেওবাৰে সন্ধিয়া প্ৰায় ৪.৩০ বজাত তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথৰ নাগ্ৰীজুলিত নাগ্ৰিজুলি চাহ বাগিচাৰ দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন ছয় গৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয়।

নিহত মহিলাগৰাকী নাগ্ৰীজুলি চাহ বাগিচাৰ ৬ নং শ্ৰমিক লাইনৰ প্ৰয়াত মাঝিৰাম লাক্ৰাৰ পত্নী দেৱাৰী লাক্ৰা (৫০)।

দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত আন কেইগৰাকী মহিলা হৈছে ক্ৰমে নাগ্ৰীজুলি চাহ বাগিচাৰ শ্ৰমিক চোৱানী মুণ্ডা (৪৭), নেগী মুণ্ডা (৪৭), দিলচো মুণ্ডা (৪৭), অজন্তী মুণ্ডা (৪৫) আৰু বিৰচী মুণ্ডা (৪৭)।

আহত আটাইকেইগৰাকী নাগ্ৰীজুলি চাহ বাগিচাৰ ৬ নং শ্ৰমিক লাইনৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে আজি মহিলা কেইগৰাকীয়ে এএছ-০৩-টি-১৮৩০ নম্বৰৰ মেক্সিমো বাহন এখনেৰে নাগ্ৰীজুলিৰ ভোলাঝাৰলৈ এগৰাকী মৃতকৰ সৎকাৰলৈ গৈছিল।

মৃতকৰ সৎকাৰ শেষ কৰি তেওলোকে নাগ্ৰীজুলি চাহ বাগিচালৈ উভতি আহোতে তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথৰ নাগ্ৰীজুলি চাহ বাগিচাৰ দুৰ্গা মন্দিৰৰ সমীপত তীব্ৰ বেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত কেইবা লুটি খাই বাগৰি পৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাস আৰু সহকাৰী উপ-পৰিদৰ্শক প্ৰফুল্ল কুমাৰ ব্ৰহ্মৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত আটাইকেইগৰাকীকে ততাতয়াকৈ উদ্ধাৰ কৰে আৰু নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

চিকিৎসকে গুৰুতৰভাৱে আহত দেৱাৰী লাক্ৰাক মৃত বুলি ঘোষণা কৰে। ইপিনে গুৰুতৰভাৱে আহত আন মহিলা কেইগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।