NORTHEAST NOW (Assamese)

কাতি বিহুৰ দিনাই গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনাত যুৱক নিহত

October 18, 2021 6:48 pm · মীনাক্ষী ফুকন,গোলাঘাট

কাতি বিহুৰ দিনাই গোলাঘাটত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

গোলাঘাটৰ ফৰকাটিঙত বাইক আৰু ডাম্পাৰৰ মুখামুখি খুন্দাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হয়।

নিহত যুৱক জনৰ নাম প্ৰাঞ্জল গগৈ ।

নিহত যুৱক জনৰ বয়স ৩২ বছৰ।

প্ৰাঞ্জল গগৈৰ ঘৰ কমাৰবন্ধাৰ ৰাইদঙীয়াত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় কমাৰবন্ধা গোহাঁই গাঁৱৰ নৰোত্তম বৰা।

নৰোত্তম বৰাক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ।

কাতি বিহুৰ দিনাই গোলাঘাটত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে।

Related News