NORTHEAST NOW (Assamese)

উমৰাংছু কয়লা খনিৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ : কেতিয়া গ্ৰেপ্তাৰ হ’ব দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা গাৰ্লোচা

January 10, 2025 5:37 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ডিমা হাছাওত উমৰাংছ’ কয়লা খনিৰ শোকাৱহ ঘটনাৰ সৈতে জড়িত আৰু এজন লোকক আটক কৰিছে অসম আৰক্ষীয়ে।

জানিব পৰা মতে, ধৃত ব্যক্তিজনৰ নাম হানন লস্কৰ। খনিৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ “চৰ্দাৰ” আছিল তেওঁ।

সূত্ৰই জনোৱা মতে, লস্কৰে শ্ৰমিক সকলক ধন পৰিশোধৰ তদাৰক কৰাৰ দায়িত্ব লৈছিল আৰু খনিৰ মালিকে তেওঁক নিযুক্তি দিছিল।

যোৱা ৬ জানুৱাৰীত সংঘটিত হোৱা এই ঘটনাত কেইবাজনো শ্ৰমিকৰ মৃত্যু হৈছিল।

এতিয়াও খনিটোৰ ভিতৰত আবদ্ধ হৈ আছে আঠজন শ্ৰমিক আৰু তেওঁলোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ৰ কিছু ধাৰাৰ উদ্ধৃতি দি অসম আৰক্ষীয়ে উমৰাংছ’ পি এছ কেছ নং: ০২/২০২৫ৰ অধীনত এফআইআৰ ৰুজু কৰিছে।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই গোচৰৰ সৈতে জড়িত পুনুষ নুনিছাক গ্ৰেপ্তাৰ কৰিছিল। অধিক তদন্ত অব্যাহত আছে আৰু উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।

উল্লেখ কৰিব পাৰি যে ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সমৰজিৎ হাফলংবাৰে কৰা অভিযোগ অনুসৰি উক্ত খনিটোৰ স্বত্বাধিকাৰী হৈছে বৰ্তমানৰ কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা গাৰ্লোচা। তেওঁ অভিযোগ কৰা মতে, এই কয়লা খনিটো দিছপুৰৰ নিয়ন্ত্ৰণত চলি আছে। কিন্তু এতিয়াও কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই কণিকা গাৰ্লোচাক সেই সম্পৰ্কে বিভিন্ন মহলৰ প্ৰশ্ন উত্থাপন হৈছে।

Related News