কৃষক বিদ্ৰোহৰ চাপ বিজেপিত! আৰু এটা মিত্ৰদলৰ সংগ এৰাৰ ভাবুকি

Farmers protest

কৃষকৰ বিক্ষোভে যিমানেই তীব্ৰতা লাভ কৰিছে, সিমানেই শাসকীয় দল বিজেপিৰ ওপৰত চাপ বৃদ্ধি পাইছে। এটা এটাকৈ মিত্ৰজোঁটৰ দলে বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ ভাবুকি দিছে।

ইতিমধ্যে, কৃষি আইনৰ  প্ৰতিবাদত এনডিএৰ পৰা আঁতৰি গৈছে শিৰোমণি আকালি দল। এইবাৰ এনডিএ এৰাৰ ভাবুকি দিছে ৰাজস্থানৰ সাংসদ তথা ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দলৰ নেতা হনুমান বেনিওৱালে।

তেওঁ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে যে কৃষক বিৰোধী আইন তিনিখন প্ৰত্যাহাৰ কৰিব লাগে। কৃষকসকলৰ সৈতে কেন্দ্ৰক শীঘ্ৰে আলোচনাত বহাৰো আহ্বান জনাইছে নেতাগৰাকীয়ে।

এটা টুইটত বেনিওৱালে কৈছে যে সমগ্ৰ দেশতে কৃষকসকলে যেতিয়া বিদ্ৰোহ কৰিছে, তেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহে শীঘ্ৰেই কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰক।

বেনিওৱালে স্বামীনাথন কমিছনৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবেও কেন্দ্ৰক অনুৰোধ জনাইছে।

আন এটা টুইটত বেনিওৱালে ভাবুকি দি কৈছে যে তেওঁৰ দল এনডিএৰ মিত্ৰজোঁটত আছে। কিন্তু দেশৰ শক্তি হৈছে কৃষক আৰু জোৱানসকল। সেয়েহে,এই বিষয়ত শীঘ্ৰে সিদ্ধান্ত ল’ব লাগিব নহ’লে তেওঁৰ দলে এনডিএৰ সৈতে থাকিব নে নাই সেয়া চিন্তা কৰি চাব। এইক্ষেত্ৰত কৃষকৰ স্বাৰ্থ সদায় আগত ৰাখিব লাগিব।

উল্লেখ্য যে যোৱা ৰাজস্থান বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দলে বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল।