যোৰহাট জিলাৰ আৰু এজন ক’ভিড ৰোগীৰ মৃত্যু

Covid death toll in Assam reaches 930

প্ৰতিনিধিত্বমূলক ফটো।

যোৰহাট জিলাৰ আৰু এজন ক’ভিড-১৯ ৰোগীৰ মঙলবাৰে মৃত্যু হৈছে।

তালেবুদ্দিন আহমেদ নামৰ ৭৬ বছৰীয়া ব্যক্তি এজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মঙলবাৰে বিয়লি ৩.৩০ বজাত প্ৰাণ হেৰুৱাইছে।

লোকজনৰ ঘৰ আছিল যোৰহাটৰ তিতাবৰত।

আহমেদৰ পূৰ্বে যোৱা দেওবাৰে যোৰহাটৰ ব্যৱসায়ী আশিস চাহেৱালা (৩৬)ই ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল।

যোৰহাটৰ উপায়ুক্ত ৰশ্নি এ ক’ৰাতিয়ে জনোৱা মতে ক’ভিডৰ সন্দেহত তালেবুদ্দিন আহমেদক চিকিৎসালয়খনত ১১ জুলাইত ভৰ্তি কৰোৱা হৈছিল।

“তেওঁৰ হৃদৰোগৰ সমস্যা, ডায়েবিটিজ আৰু উচ্চ ৰক্তচাপৰ সমস্যা আছিল। পিছত তেওঁক ক’ভিড পজিটিভ পোৱা গৈছিল আৰু ১২ জুলাইত ক’ভিড আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছিল। আজি দুৰ্ভাগ্যবশতঃ হঠাৎ কাৰ্ডিয়াক এৰেষ্ট আৰু শ্বাসজনিত বিফলতাৰ বাবে তেওঁৰ মৃত্যু হয়,” উপায়ুক্তগৰাকীয়ে জনায়।

এক সূত্ৰমতে, আহমেদে যোৱা মাহত এটা অস্ত্ৰোপচাৰৰ পিছত হৃদ পৰীক্ষাৰ বাবে শেহতীয়াকৈ গুৱাহাটীলৈ গৈছিল।

উপায়ুক্তগৰাকীয়ে লগতে জনাই যে আজি জিলাখনত ৪৪গৰাকী নতুন ক’ভিড ৰোগী চিনাক্ত হৈছে আৰু তাৰে ৪১গৰাকীৰ ভ্ৰমণৰ ইতিহাস নাই।

যোৰহাটত এতিয়ালৈকে ৪৩৬গৰাকী লোক ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১৪গৰাকী।

তাৰে ১৪৮গৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আৰু বাকীসকলক আন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।