NORTHEAST NOW (Assamese)

দেশত কৰ’না আক্ৰান্ত আৰু এজন বিদেশী নাগৰিকৰ মৃত্যু; দিল্লীত মৃত্যু ইয়েমেনৰ ব্যক্তিৰ

March 28, 2020 10:03 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ভাৰতত কৰ’নাৰ চিকাৰ হ’ল আৰু এজন বিদেশী নাগৰিক। দিল্লীৰ এখন বেচৰকাৰী হাস্পাতলত ৬০ বছৰীয়া ইয়েমেনৰ নাগৰিক এজনৰ মৃত্যু হয়।

শুকুৰবাৰে দিল্লীৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা জনোৱা মতে ব্যক্তিগৰাকী চলিত মাহতে লিভাৰ দাতা হিচাপে ভাৰতলৈ আহিছিল।

যোৱা ২৪ মাৰ্চত তেওঁ এই সংক্ৰান্তীয় কিছু পৰীক্ষাৰ বাবে হাস্পাতলখনলৈ গৈছিল। ইয়াতেই তেওঁ অচেতন হৈ মাটিত বাগৰি পৰে।

কৰ’না প্ৰভাৱিত ইয়েমেনৰ পৰা অহা লোকজনৰ ক্ষেত্ৰত হাস্পাতল কৰ্তৃপক্ষ সতৰ্ক হৈ পৰে আৰু তেওঁৰ নমুনা সংগ্ৰহ কৰি দুটা লেবত পৰীক্ষা কৰি চোৱা হয়।

বৃহস্পতিবাৰে লোকজনCOVID-19 ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি জানিব পৰা যায়।তথাপি নিশ্চিত কৰিবৰ বাবে তৃতীয়বাৰৰ বাবে নমুনা পৰীক্ষা কৰাৰ বাবে প্ৰেৰণ কৰা হয়।

পৰীক্ষাৰ বাবে এইমছত পঠোৱা নমুনা নতুন কিট ব্যৱহাৰ কৰি পৰীক্ষা কৰাৰ পাছত তাতো একেই ফলাফল পোৱা যায়।

চিকিৎসা আৰম্ব কৰা হয় যদিও শুকুৰবাৰে প্ৰাণঘাতী ভাইৰাছৰ ফলৰ লোকজনৰ মৃত্যু হয়।

দিল্লীত কৰ’নাত ৪০ জনতকৈ অধক লোক আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে পশ্চিম দিল্লীৰ এগৰাকী ৬৮ বছৰীয়া মহিলাই কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।

গোটেই দেশখনতে কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্য ১৯জন। ইয়াৰ পূৰ্বে আন দুগৰাকী বিদেশী নাগৰিকে ভাৰতত প্ৰাম হেৰুৱাইছিল। এইবাৰ ইয়েমেনৰ নাগৰিকজনৰ মৃত্যুৰ পাছত বিদেশীসহ মৃত্যুৰ সংখ্যা হ’লগৈ ২২জন।

Related News