NORTHEAST NOW (Assamese)

ওদালগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

May 13, 2019 4:30 pm · এন ই নাও নিউজ
ওদালগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকগৰাকী

অমসত অব্যাহত আছে হাতী আৰু মানুহৰ মাজত চলি থকা সংঘাত। হাতী আৰু মানুহৰ সংঘাতৰ পৰিণতিত আজি ওদালগুৰি জিলাৰ নুনাইখুতি গাঁৱত এজন লোকে মৃত্যুক সাবতি ল’ব লগা হয়।

ঘটনাৰ বিৱৰণী অনুসৰি আজি ৰাতিপুৱা প্ৰায় ৬ মান বজাত বনৰীয়া হাতীৰ জাক এটাই বনাঞ্চলৰ পৰা আহি ওদালগুৰি জিলাৰ নুনাইখুতি গাঁৱত প্ৰবেশ কৰে। খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৱে গাঁৱত প্ৰবেশ কৰি মানুহৰ ঘৰ, খেতিপথাৰত আদিত  তাণ্ডৱ চলাই।

বনৰীয়া হাতীৰ জাকটোৱে  গাঁৱখনত তাণ্ডৱ চলাই থকাৰ সময়ত ভূয়ান পূৰ্জা (৪০) নামৰ লোকজন নিজৰ খেতিপথাৰলৈ গৈ আছিল আৰু খেতিপথাৰলৈ গৈ থকা অৱস্থাতে তেওঁ বনৰীয়া হাতীৰ জাকটোৰ সৈতে মুখামুখি হয় আৰু হাতীৰ আক্ৰমণৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়।

উল্লেখযোগ্য যে, ওদালগুৰি জিলাৰ বিভিন্ন স্থানত বনৰীয়া হাতীৰ উপদ্ৰপ নতুন কথা নহয়। দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীয়ে জিলাখনত উপদ্ৰপ চলাই অহাৰ পৰিণতিত সময়ে সময়ে বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। এই ক্ষেত্ৰত জিলাখনৰ সচেতন ৰাইজে বন বিভাগক প্ৰয়োজনীয় কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ কৰি  অহাৰ পাছতো আজিলৈ বিভাগটোৱে কোনোধৰণৰ সঠিক ব্যৱস্থা হাতত লোৱা নাই।

Related News