• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় মানক সংস্থাৰ তত্ত্বাৱধানত অসমীয়া লিপি বিষয়ক সভা; পুনৰ কমিটী গঠন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 13, 2019 5:16 pm
Asom Sahitya SabhaPressMeet

অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্য্যালয়ত সভাপতিৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

য়ুনিক’ড কনছৰ্টিয়ামত অসমীয়া লিপিৰ স্বকীয় স্থানৰ বিষয়টোক নতুন গতিৰে আগুৱাই নিবলৈ পুনৰ টঙালি বান্ধিছে অসম চৰকাৰ আৰু অসম সাহিত্য সভা। আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্য্যালয়ত একাধিক বিষয়ত দিয়া এখন সংবাদমেলত এই কথা জনাইছে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

অসম সাহিত্য সভাৰ সভাপতিজনে জনোৱামতে, অসমীয়া লিপি সন্দৰ্ভত আন্তৰ্জাতিক মানক সংস্থাৰ পৰা ভাৰতীয় মানক সংস্থালৈ অহা প্ৰস্তাৱৰ ওপৰত যোৱা ১০ মে’ত ভাৰতীয় মানক সংস্থাৰ এখন সভা অনুষ্ঠিত হৈ যায়।

Apply Now

পৰমানন্দ ৰাজবংশীয়ে লগতে জানিবলৈ দি কয়, “অসমীয়া ভাষাৰ স্থিতি সন্দৰ্ভত অসমীয়াসকলে কৰি থকা দাবী যাতে পূৰ্ণ পৰ্য্যায়ত সফল ৰূপায়ণ কৰিব পৰা যায়, তাৰ কাৰণে এই সভাত আলোচনা কৰা হয়”।

“আন্তৰ্জাতিক মানক সংস্থাৰ প্ৰস্তাৱটো সন্দৰ্ভত বি আই এছে এখন কমিটী গঠন কৰিছে”, ৰাজবংশীয়ে কয়।

তেওঁ জনোৱামতে, অসমীয়া লিপিৰ স্বীকৃতিক পুনৰ সবল যুক্তি-তথ্যৰে দাঙি ধৰিবলৈ বিভিন্ন দিশ সামৰি এই কমিটীয়ে প্ৰতিবেদন দিব। আৰু সেয়া ৩ মাহৰ ভিতৰত দিব।

নতুনকৈ গঠিত কমিটীখনত অসম চৰকাৰৰ প্ৰতিনিধি, অসম সাহিত্য সভাৰ প্ৰতিনিধি আৰু অসমৰ এই সম্পৰ্কীয় বিশেষজ্ঞক অন্তৰ্ভুক্ত কৰা হৈছে।

ৰাজবংশীয়ে জনোৱা মতে, কমিটীখনত আছে অসম চৰকাৰৰ দুজন প্ৰতিনিধি এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱ আৰু মাধুৰিমা বৰুৱা; অসম সাহিত্য সভা আৰু ড০ দিলীপ কুমাৰ কলিতা, ডাঃ সত্যকাম ফুকন, ড০ ভাস্কৰজ্যোতি গোস্বামী।

এই কমিটীয়ে দিয়া প্ৰতিবেদন লৈ পুনৰ আন্তৰ্জাতিক মানক সংস্থাৰ ওচৰলৈ যাব ভাৰতীয় মানক সংস্থা, জনালে সাহিত্য সভাৰ সভাপতিজনে।

“এই প্ৰক্ৰিয়াৰেহে অসমীয়া ভাষাই (লিপি?) য়ুনিক’ডত স্থান লাভৰ পথ প্ৰশস্ত হ’ব।”

মন কৰিব লগীয়া কথাটো হ’ল সাহিত্য সভাৰ সভাপতিগৰাকীয়ে “লিপি”ৰ ঠাইত বাৰে বাৰে “ভাষা” “ভাষা” কৰি সংবাদমেলত নিজৰ অজ্ঞতা বাৰে বাৰে প্ৰকাশ কৰিছিল।

“১৯৯৩ চনতেই বি আই এছে য়ুনিক’ডতে বাংলা ক’ডতে অসমীয়া ভাষাক অন্তৰ্ভুক্ত কৰিছিল। সেইটো কামৰ কাৰণে যোৱা দহ বছৰ ধৰি আমি এই বিষয়টোত লাগি আছো। এতিয়া এটা পদক্ষেপ আকৌ আগ বাঢ়িছে। আমি বি আই এছক কৈছো যে আমাক এটা স্বকীয় পৰিচয় লাগে অসমীয়া লিপি বুলি”, যোৱা বছৰৰ জুন মাহত অসমীয়া লিপিৰ স্বীকৃতিৰ দাবী লৈ আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰো (আই এছ অ’)ৰ লণ্ডনৰ বৈঠকলৈ প্ৰতিনিধি হিচাপে যোৱা ড০ পৰমানন্দ ৰাজবংশীয়ে কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd