ধৰ্ম অৱমাননাৰ অভিযোগত বাংলাদেশত এগৰাকী ব্যক্তিক কোবাই কোবাই হত্যা; পেট্ৰ’ল ঢালি জ্বলাই দিয়া হ’ল মৃতদেহ

বাংলাদেশৰ লালমনিৰহাট জিলাৰ পাটগ্ৰাম অঞ্চলত এগৰাকী ব্যক্তিক ধৰ্ম অৱমাননাৰ অভিযোগত কোবাই কোবাই হত্যা কৰা হয়।

বি বি চিত প্ৰকাশিত বাতৰি অনুসৰি উত্তেজিত লোকসকলে ব্যক্তিগৰাকীক হত্যা কৰিয়ে ক্ষান্ত নাথাকি ব্যক্তিগৰাকীৰ মৃতদেহ পেট্ৰ’ল ঢালি জ্বলাই দিয়ে।

লালমনিৰহাট আৰক্ষীয়ে জনোৱা অনুসৰি, উত্তেজিত জনতাৰ আক্ৰমণত মৃত্যু হোৱা ব্যক্তিগৰাকীয়ে নামাজ চলি থকা অৱস্থাত মছজিদত প্ৰৱেশ কৰি ধৰ্মীয় অনুভূতিত আঘাত হানিছিল।

ব্যক্তিগৰাকীৰ এই কাৰ্য্যত তাত উপস্থিত থকা লোকসকল উত্তেজিত হৈ পৰে। মছজিদ কৰ্তৃপক্ষই ব্যক্তিগৰাকীক বচোৱাৰ চেষ্টা কৰিছিল যদিও উত্তেজিত জনতাৰ আক্ৰমণৰ পৰা শেষ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল।

স্থানীয় নাগৰিকে কৰা অভিযোগ অনুসৰি, বৃহস্পতিবাৰে আবেলি বুড়িমাৰী জামে মছজিদত এগৰাকী ব্যক্তিয়ে প্ৰৱেশ কৰে আৰু ইছলাম ধৰ্মক অৱমাননা কৰে আৰু পৰৱৰ্তী সময়ত উত্তেজিত জনতাই ব্যক্তি গৰাকীক হত্যা কৰে।

স্থানীয় আৰক্ষীয়ে বৰ্তমান পৰিস্থিত নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বাংলাদেশত হাজাৰ হাজাৰ লোকে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিছিল।