বঙাইগাঁৱত আৰক্ষীৰ অভিযানত জব্দ ২৫ কাৰ্টন কফ চিৰাপ; এজন লোকক আটক

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যৰ আৰক্ষীয়ে বিভিন্ন স্থানত চলি থকা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যেই বহু লোকক আটক কৰাৰ লগতে বহু অবৈধ ঘাটি উৎখাত কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে নিচা জাতীয় ঔষধৰ বৃহৎ ক’লা বজাৰ৷

একাংশ ব্যৱসায়ীয়ে ৰাজ্যত গোপনে চলাই গৈছে এই ক’লা বেপাৰ৷

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, বজাৰে বজাৰে উপলব্ধ নিষিদ্ধ কফচিৰাপৰ বটল৷ আজি বঙাইগাঁৱৰ বইটামাৰীত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফচিৰাপ জব্দ কৰে বইটামাৰী আৰক্ষীয়ে৷

বইটামাৰী আৰক্ষীয়ে আজি এক অভিযান চলাই As-25EC- 1013 নম্বৰৰ বাহন এখনৰ পৰা জব্দ কৰে মুঠ ২৫ কাৰ্টুন ownrex নামৰ নিষিদ্ধ কফ চিৰাপ৷

২৫ কাৰ্টুনত মুঠ ৩,৯৮২ বটল কফ চিৰাপ আছিল বুলি জানিব পৰা গৈছে৷

জব্দকৰা কফ চিৰাপখিনি গুৱাহাটীৰ অন লজিষ্টিক ট্ৰেন্সপৰ্টৰ বাহনেৰে ধুবুৰীৰ চাপৰলৈ ডেলিভাৰি দিবলৈ অহা বুলি আটক হোৱা গাড়ীচালকে প্ৰকাশ কৰে৷

জব্দকৃত কফ চিৰাপখিনিৰ বজাৰ মূল্য পাঁচ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷