তামুলপুৰত ধুমুহাৰ তাণ্ডৱ: গছৰ ডাল ভাঙি পৰি পথচাৰীৰ মৃত্যু; নাগ্ৰীজুলিতো গুৰুতৰভাৱে আহত এজন

WhatsApp Image 2021-04-04 at 8.59.45 PM.jpeg final

ধুমুহাত গছৰ ডাল ভাঙি পৰি মৃত্যু হোৱা লোকজন। ফটো: নৰ্থইষ্ট নাও।

দেওবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহাৰ ফলত বৃহত্তৰ তামুলপুৰ মহকুমাত বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে এজন লোক নিহত হয় আৰু আন এজন লোক গুৰুতৰভাবে আহত হয়।

নিহত লোক জন ৰামেচুবুৰী গাঁওৰ মাহীৰাম বড়ো (৫৮) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে ধুমহাৰ সময়ত তামুলপুৰ-নাগ্ৰীজুলি পথেৰে গৈ থকা অৱস্থাত কচুবাৰী চ’কৰ সমীপত এজন লোকৰ শৰীৰৰ ওপৰত গছৰ ডাল এডাল ভাঙি পৰাৰ ফলত লোকজন থিতাতে নিহত হয়।

খবৰ পোৱাৰ লগে লগে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক মনোৰঞ্জন মেধি সহ আৰক্ষীৰ দল এটি ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ আনে।

ইপিনে ধুমহাৰ ফলত নাগ্ৰীজুলিতো এজন লোক গুৰুতৰভাবে আহত হয়। আহত লোক জন হ’ল ৰতন সাহা (৩৫)।

ধুমুহাৰ  সময়ত ৰতন নামৰ লোকজনে ঘৰৰ বহিৰত আছিল আৰু এডাল তামোলৰ গছ ৰতনৰ গাৰ ওপৰত পৰাত তেওঁ গুৰুতৰভাৱে আহত হয়।

আহত লোকজনক প্ৰথমে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটিলৈ প্ৰেৰণ কৰা হয়।

সন্ধিয়া অহা ধুমুহাজাকৰ ফলত নাগ্ৰীজুলি, গুৱাবাৰী, তামুলপুৰ, কচুবাৰী, ৰামেচুবুৰী, লাউপাৰা, সাহপূৰ, মটিগাঁও, কাউলি, গান্ধীবাৰী, লাটিবাৰী, দ্বাৰকুছি, কালাকুছিকে ধৰি বৃহত্তৰ তামুলপুৰ মহকুমাত ঘৰ দুৱাৰ ভাঙি, গছ-গছনি ভাঙি বিস্তৰ ক্ষতি সাধন হয়। নিশা হোৱাৰ বাবে ক্ষয় ক্ষতিৰ বিতং তথ্য জানিব পৰা হোৱা নাই।