হোজাইত শোকাৱহ পথ দুৰ্ঘটনা; ট্ৰাকৰ খুন্দাত নিহত চাইকেল আৰোহী

road-mishap

প্ৰতিনিধিত্বমূলক ছবি

হোজাই জিলাৰ নিলবাগানত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত আজি এজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হয়। নিহত লোকজনক নিলবাগানৰ অচিনগৰ অঞ্চলৰ মইনুল হক বৰভূঞা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ১১.৩০ বজাত মইনুল হকে নিলবাগান তিনিআলিৰ পৰা ঘৰৰ অভিমুখে চাইকেল চলাই গৈ থকা অৱস্থাতে হঠাৎ হোজাইৰ পৰা নিলবাগান অভিমুখে আহি থকা এখন তীব্ৰ বেগী ট্ৰাকে খুন্দিয়াই তেওঁক গুৰুতৰভাৱে আহত কৰে।

পিছত দুৰ্ঘটনাৰ খবৰ লাভ কৰি নিলবাগান আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত লোকজনক হোজাইৰ হাম হস্পিতালত ভৰ্তি কৰাই যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালকগৰাকীয়ে ট্ৰাকখন তাতে এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে উক্ত স্থানৰ পৰা এ এম কে ২৬০৫ নম্বৰৰ ট্ৰাকখন জব্দ কৰি থানালৈ লৈ অনাৰ লগতে চালক গৰাকীক বিচাৰি অভিযান আৰম্ভ কৰিছে।

নিহত মইনুল হক বৰভূঞাৰ মৃতদেহটো পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।