বাক্সাৰ আনন্দ বজাৰত হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিৰ চিকিৎসাৰ অভাৱত মৃত্যু; কোভিড-১৯-ৰ পৰীক্ষা নকৰাকৈ জেচিবিৰে পুতি থলে মৃতদেহ

শংকৰ বৰ্মন

বাক্সা জিলাৰ শালবাৰীৰ আনন্দ বজাৰত হোম কোৱাৰেণ্টাইনত থকা শংকৰ বৰ্মন(৪৫) নামৰ ব্যক্তি এগৰাকীয়ে চিকিৎসা অবিহনে মৃত্যু হোৱাৰ পাছত প্ৰশাসনে মৃতদেহটো সৎকাৰৰ পৰিৱৰ্তে জে চি বি ৰে গাঁতত পুতি থোৱা কাৰ্য্যই সমগ্ৰ অঞ্চলটোক আতংকিত কৰি তুলিছে।

৬ মে’ৰ আবেলিতে লোকজনৰ মৃত্যু হয় যদিও ৭ মে’ৰ দুপৰীয়াৰ ভাগলৈ মৃতদেহটো মহ-মাখিৰ মাজত পৰি ৰয়।

এই সমগ্ৰ ঘটনাত চিকিৎসক-আশা কৰ্মী আৰু আৰক্ষীৰ গাফিলতি থকা বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লগতে আনন্দ বজাৰৰ একাংশ ৰাইজে।

শংকৰ বৰ্মনৰ মৃতদেহ পৰিয়ালৰ লগতে গাঁৱবাসীয়ে ক’ৰ’না টেষ্ট নকৰাকৈ চমজি ল’বলৈ অস্বীকাৰ কৰিছিল।

হোম কোৱাৰেণ্টাইনত থকা সময়তে মৃত্যু মুখত পৰা শংকৰ বৰ্মন পেছাত বাছৰ হেণ্ডিমেন আছিল।

প্ৰতিদিনে বৰপেটা ৰোডৰ পৰা ধুবুৰীলৈ শংকৰ বৰ্মনে বাছৰ হেণ্ডিমেন হিচাপে অহা-যোৱা কৰিছিল।

ল’কডাউনৰ মাজতে আজিৰপৰা ২২ দিন পূৰ্বে ধুবুৰীৰপৰা বাক্সাৰ আনন্দ বজাৰৰ নিজ গৃহত উপস্থিত হৈছিল শংকৰ বৰ্মন।

জ্বৰ-কাহ, চৰ্দিত আক্ৰান্ত হৈ নিজগৃহত উপস্থিত হোৱাৰ পিছত সাউদৰভিঠা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ লৈ ১৮ দিন পূৰ্বে আনন্দ বজাৰৰ পল্লা নৈৰ কাষত হোম কোৱাৰেণ্টাইনত থাকিবলৈ লৈছিল শংকৰ বৰ্মনক।

অভিযোগ মতে, হোম কোৱাৰেণ্টাইনত থকা দিনকেইটাত কোনো এদিন চিকিৎসক, আশাকৰ্মী বা আৰক্ষীয়ে খবৰ লোৱা নাছিল শংকৰৰ আৰু ৬ মে’ৰ আবেলি বিনা চিকিৎসাই মৃত্যুক আকোৱালি লয় শংকৰ বৰ্মনে।

৬ মে’ৰ পৰা ৭ মে’ৰ দুপৰীয়া পৰ্য্যন্ত শংকৰৰ মৃতদেহ পৰি ৰয় যদিও ক’ৰ’নাত আক্ৰান্তৰ সন্দেহত পৰিয়াল তথা গাঁৱবাসীৰ কোনো লোক মৃতদেহৰ কাষলৈ অহা নাছিল।

হোম কোৱাৰেণ্টাইনত থকা অৱস্থাত শংকৰ বৰ্মনৰ মৃত্যু হোৱা বাতৰিয়ে অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰাৰ সময়তে দুপৰীয়াৰ ভাগত শালবাৰী মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী, সাউদৰভিঠা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক চাইফুদ্দিন আহমেদৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো সম্পূৰ্ণভাৱে মানৱতা উলংঘন কৰি জেচিবিৰে কঢ়িয়াই সৎকাৰৰ পৰিৱৰ্তে গাঁতত পুতি থৈ দায় সামৰে।

উল্লেখ যোগ্য যে,  শংকৰ বৰ্মনৰ পৰিয়াল, চুবুৰীয়া লোক, আনন্দ বজাৰৰ একাংশ ৰাইজ আৰু বাক্সা জিলা হিন্দু জাগৰণ মঞ্চৰ ফালৰপৰা দাবী জনোৱা হৈছিল যে ঘটনাটোৱে যিহেতু এক আতংকম পৰিৱেশৰ সৃষ্টি কৰিছে সেয়ে আৰক্ষী প্ৰশাসনে মৃতদেহটো উদ্ধাৰ কৰি কোভিড-১৯-ৰ পৰীক্ষা নকৰাকৈ যাতে পৰিয়ালৰ হাতত গতাই নিদিয়ে।

কিন্তু এই দাবীৰ প্ৰতি কোনোধৰণৰ সদিচ্ছা প্ৰকাশ নকৰি শালবাৰী মহকুমা প্ৰশাসনৰ লগতে চিকিৎসক চাইফুদ্দিন আহমেদে মানৱতা ভূ-লূণ্ঠিত কৰি জেচিবিৰে গাঁতত পুতি থয় শংকৰ বৰ্মন নামৰ ৪৫ বৰ্ষীয়ান লোকজনৰ মৃতদেহ।