বঙাইগাঁও জিলাত কোভিডত এজনৰ মৃত্যুঃ নতুনকৈ আক্ৰান্ত ৫৯ গৰাকী ব্যক্তি

covid-19-assam

বঙাইগাঁও জিলাত কোভিডৰ সংক্ৰমণ অব্যাহত আছে ৷ জিলাখনত নতুনকৈ ৫৯ গৰাকী লোকৰ দেহত কোভিড – ১৯ ৰ সংক্ৰমণ ধৰা পৰিছে ৷

ইয়াকে ধৰি জিলাখনত বৰ্তমান কোভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৬৬৯ গৰাকী আছে ৷ ইপিনে সোমবাৰে জিলাখনত কোডিত আক্ৰান্ত এজন ব্যক্তিৰ মৃত্যু হয় ৷

মৃত ব্যক্তিগৰাকী জিলাখনৰ দেওহাটীৰ জগত চন্দ্ৰ দাস( ৬৮) বুলি জানিব পৰা গৈছে ৷ ব্যক্তিগৰাকীক অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰা হৈছিল ৷

আনহাতে জিলাখনৰ কোভিডত আক্ৰান্ত ৬৬৯ গৰাকী ৰোগীৰ ভিতৰত ৮ গৰাকী ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৬৬১ গৰাকী হোম কোৱাৰেণ্টাইনত আছে ৷ মঙলবাৰে জিলাখনত মুঠ ১,৯২৬ গৰাকী ব্যক্তিক কোভিড পৰীক্ষা কৰা হয় ৷

সেইদৰে মঙলবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ১৩৩ গৰাকী ব্যক্তি ৷ জিলাখনত ১ জানুৱাৰীৰ পৰা মঙলবাৰলৈকে মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই ১,২৫৮ গৰাকী হৈছে ৷

ইপিনে জিলাখনত মঙলবাৰে ১৫ – ১৭ বছৰ বয়সৰ ৯০ পালি ভেকচিন, ১৮- ৪৪ বছৰ বয়সৰ ৭৬০ পালি ভেকচিন, ৪৫ বছৰ ওপৰৰ বয়সৰ ২০১ পালি , স্বাস্থ্য কৰ্মীক ১ পালি আৰু সূৰক্ষাসূচক২৩৯ পালি ভেকচিনকে ধৰি মুঠ ১,২৯১ পালি ভেকচিন প্ৰদান কৰা হয় ৷

জিলাখনত বৰ্তমানলৈকে সকলো মিলাই মুঠ ১০০২০২০ পালি ভেকচিন প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ৷