চামগুৰিত অজগৰৰ আক্ৰমণত আহত এজন; সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ

চামগুৰিৰ খাটোৱালত মঙলবাৰে অৰ্থাৎ ৫ নৱেম্বৰৰ নিশা এটা অজগৰে অঞ্চলটোত হুৱাদুৱা লগাই। নিশা অজগৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন স্থানীয় লোক।

অজগৰ আক্ৰমণত গুৰতৰভাৱে আহত ব্যক্তিজনক গোবিন্দ মেধি বুলি চিনাক্ত কৰা হৈছে। পিছত তেওঁক স্থানীয় ৰাইজৰ সহযোগত ১০৮ৰ জৰিয়তে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতেই তাৎক্ষণিকভাৱে এই বিষয়ত বন বিভাগক অৱগত কৰা হৈছিল যদিও বন বিভাগৰ লোক বহু পলমকৈহে ঘটনাস্থলীত উপস্থিত হয়।

ইফালে একাংশ লোকে অজগৰটো কান্ধত তুললি ভোলে ব’ম জয়ধ্বনি কৰি নিশা পদযাত্ৰা কৰে খাটোৱালৰ ৰাজপথত। অৱশেষত একাংশ লোকৰ আতিশয্যত অজগৰটো বন বিভাগৰ লোক ঘটনাস্থলীত পোৱাৰ পূৰ্বেই মৃত্যু মুখত পৰে।

এই ঘটনাক লৈ স্থানীয় সচেতন লোকে বনকৰ্মী তথা আৰক্ষী বিষয়া ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰে।