চিলাপথাৰত পথ দুৰ্ঘটনাত বিদেশী ন্যায়াধীকৰণ কাৰ্যালয়ৰ দেহৰক্ষীৰ মৃত্যু

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

চিলাপথাৰত শনিবাৰে অৰ্থাৎ ৪ মে’ৰ নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন আৰক্ষী কৰ্মীৰ ঘটনাস্থলীতে মৃতু হয়। নিহত আৰক্ষী লোকজনক ভোগপুৰ খনিকৰ(৫০) বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত নিহত ভোগপুৰ খনিকৰ চিলাপথাৰ বিদেশী ন্যায়াধীকৰণ কাৰ্যালয়ৰ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল।

ঘটনাৰ বিৱৰণি মতে খনিকৰে শনিবাৰে নিশা আহাৰ খোৱাৰ পিছতে ওচৰৰ এখন দোকানলৈ যোৱাৰ পথতে এখন তীব্ৰবেগী মটৰচাইকেলে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত থনিকৰৰ ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখনৰ চালক চিলাপথাৰ ঝৰ্না বৰা(২১)ও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ফলত যুৱকজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।

আনহাতে অঞ্চলটোত এনেদৰে এজন আৰক্ষী লোকৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।