সৌৰভ গাংগুলী সন্দৰ্ভত ১২ বছৰ পূৰ্বেই কৰিছিল ভৱিষ্যৎবাণী

virendersehwaggangulyl

১২ বছৰ পূৰ্বতে কৰি থোৱা দুটা ভৱিষ্যৎবাণীৰ বাবে শেহতীয়াকৈ সংবাদ মাধ্যমত খুব চৰ্চিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিস্ফোৰক অপেনিং বেটছমেন বীৰন্দ্ৰ সেহৱাগৰ নাম।

ছ’চিয়েল মিডিয়াত খুহুতীয়া তথা মনোগ্ৰাহী মন্তব্যৰ বাবে জনপ্ৰিয় সেহৱাগে আচলতে ২০০৭ চনতে সৌৰভ গাংগুলী বি চি চি আইৰ অধ্যক্ষ আৰু এদিন পশ্চিম বংগৰ মুখ্য মন্ত্ৰী হ’ব বুলি ভৱিষ্যৎবাণী কৰিছিল।

গাংগুলী বি চি চি আইৰ অধ্যক্ষ হ’ব বুলি কৰা ভৱিষ্যৎবাণীটো ফলিয়ালে এতিয়া দ্বিতীয়টো ভৱিষ্যৎবাণী ফলিওৱাৰ আশাত আছে সেহৱাগ।

সেহৱাগে ইণ্ডিয়ান এক্সপ্ৰেছত লিখা স্তম্ভত উল্লেখ কৰি কয়, ‘দাদা ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱা বুলি যেতিয়া প্ৰথম শুনিছিলো, সেই মূহুৰ্তত ২০০৭ চনৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ কথা মনত পৰি গৈছিল’।

১২ বছৰ আগৰ কথা মনত পেলাই লিখে, ‘কেপটাউন টেষ্ট চলি আছিল। উক্ত মেচখনত মই আৰু ৱাছিম জাফাৰ সোনকালেই আউট হৈছিলো। ৪ নম্বৰত টেণ্ডুলাকাৰে বেটিং কৰাৰ কথা আছিল, কিন্তু ক্ৰিজত তেওঁ যাব নোৱাৰাৰ বাবে বেটিং কৰিবলৈ যাব লগীয়া হ’ল গাংগুলী। গাংগুলীৰ বাবে সেইটো আছিল প্ৰত্যাৱৰ্তন শৃংখলা’।

৪১ বছৰীয়া সেহৱাগে আৰু লিখে, ‘সেইদিনা তেওঁ কোনো চাপ নোলোৱাকৈয়ে দলৰ বিপদৰ সময়ত যিদৰে খেলিছিল, সেয়া একমাত্ৰ তেওঁৰ বাবেহে সম্ভৱ’।

‘সেইদিনা আমি সকলোৱে ড্ৰেছিং ৰুমত আলোচনা কৰিছিলো যে যদি আমাৰ মাজৰ কোনোবা বি চি চি আইৰ অধ্যক্ষ হ’ব পাৰে, তেন্তে সেয়া দাদা। তেওঁ পশ্চিম বংগৰ মুখ্য মন্ত্ৰী হ’ব বুলিও মই কৈছিলো। মোৰ দুটা ভৱিষ্যৎবাণীৰ এটা সত্য হ’ল এতিয়া দ্বিতীয়টো কি হয় দেখা যাওক’।

উল্লেখ্য যে যোৱা ২৩ অক্টোবৰত বি চি চি আইৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল সৌৰভ গাংগুলীয়ে। তেওঁ অহা বছৰৰ জুলাইলৈকে অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ থাকিব।