দেশত প্রতি ১৬ মিনিটত ধৰ্ষিতা হয় এগৰাকীকৈ নাৰী: ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ প্ৰতিবেদনত ভয়াৱহ তথ্য

aaaaaaa

হাথ্ৰা বলাৎকাৰ কাণ্ডই সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰি থকাৰ সময়তে নেছনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰই প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনেও আন এক জোকাৰণি তুলিছে।

নেছনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰই প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি ১৬ মিনিটত ধৰ্ষিতা হয় এগৰাকীকৈ নাৰী।

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ২০১৮ বৰ্ষৰ তুলনাত ২০১৯ বৰ্ষত দেশত তুলনামূলক ভাবে বৃদ্ধি পাইছে নাৰীৰ বিৰুদ্ধে অপৰাধৰ ঘটনা।

২০১৯ চনত দেশত নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ঘটনা আছিল ৪,০৫,৮৬১ টা।

২০১৮ চনত এনে ঘটনাৰ সংখ্যা  যথেষ্ট কম আছিল ।

২০১৮ চনৰ তুলনাত ২০১৯ চনত নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধ বৃদ্ধি পাইছে ৭.৩ শতাংশ।

প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ২০১৯ চনত দেশত প্ৰতিদিনে ৮৮ টা বলাৎকাৰৰ ঘটনা পঞ্জীয়ন হৈছিল।

সেই বছৰটোত দেশত সংঘটিত হোৱা মুঠ ধৰ্ষণৰ ঘটনা আছিল ৩২,০৩৩ টা।

ইয়াৰে ১১ শতাংশ বলাৎকাৰৰ ঘটনা ঘটিছিল দলিত মহিলা-যুৱতীৰ ক্ষেত্ৰত।উক্ত বৰ্ষটোত স্বামী আৰু স্বামীৰ পৰিয়ালৰ দ্বাৰা নিৰ্যাতিত মহিলাৰ সংখ্যা হৈছে ৩০.৯ শতাংশ।

একেদৰে নাৰী অপহৰণৰ শতাংশ হাৰ হৈছে ১৭.৯ শতাংশ।

প্ৰতি এক লাখ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ শতাংশ হাৰ হৈছে ৬২.৪ শতাংশ।

২০১৮ চনত এই হাৰ আছিল ৫৮.৮ শতাংশ।প্ৰকাশিত তথ্য অনুসৰি ২০১৯ বৰ্ষত ৰাজস্থান আৰু উত্তৰ প্ৰদেশতে সৰ্বাধিক বলাৎকাৰৰ ঘটনা ঘটিছে।