NORTHEAST NOW (Assamese)

বঙাইগাঁৱত তীব্ৰ বেগী বলেৰ’ পিকআপ ভ্যেনৰ খুন্দাত থিতাতে মৃত্যু কণমানি ছাত্ৰৰ

September 27, 2019 6:32 pm · এন ই নাও নিউজ
বঙাইগাঁৱত পথ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন

বঙাইগাঁৱৰ বইটামাৰীত শুকুৰবাৰে সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী কণমানি ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে।

জানিব পৰা মতে, শুকুৰবাৰে দিনৰ ভাগত বঙাইগাঁৱৰ বইটামাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী বলেৰ’ পিকআপ ভ্যেনে নিয়ন্ত্ৰণ হেৰুৱাই এগৰাকী কণমানি ছাত্ৰক মহতিয়াই নিয়ে।

দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ গৰাকী বইটামাৰী জাতীয় বিদ্যালয়ৰ ৭ বছৰীয়া তনুশ্যাম সৰকাৰ।

ভয়াবহ দুৰ্ঘটনাটোত ছাত্ৰ গৰাকীয়ে চলাই অহা চাইকেলখন বলেৰ’ পিকআপ ভ্যেনখনৰ তলত সোমাই যায় আৰু ছাত্ৰীগৰাকীৰ থিতাতে মৃত্যু হয়।

আনহাতে, দুৰ্ঘটনাৰ পাছতে আৰক্ষীৰ এটা দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বালি ভৰ্তি পিকআপ ভ্যেনখন জব্দ কৰে।

উত্তেজিত স্থানীয় নাগৰিকলকলে দ্ৰুতবেগী পিকআপ ভ্যেন সমূহক নিয়ন্ত্ৰণ কৰি ভবিষ্যতে এনে দুৰ্ঘটনা যাতে সংঘটিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বালি ভৰ্তি পিকআপ ভ্যেন, ডাম্পাৰ সমূহে উপদ্ৰৱ চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে।

Related News