ডিব্রুগড়ত এজন লোকক গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ

Dibrugarh-shooting-1140x570

ওম প্ৰকাশ আগৰৱালাক গুলীয়াই হত্যা কৰা স্থান ডোখৰ। ফটো: নৰ্থইষ্ট নাও

ডিব্ৰুগড়ৰ ঈদগাহ ময়দানৰ সমীপৰ গ্ৰাহাম বজাৰত মঙলবাৰে সন্ধিয়া দুৰ্বৃত্তই ওম প্ৰকাশ আগৰৱালা নামৰ লোক এজনক গুলীয়াই হত্যা কৰে।

সন্ধিয়া ৫.১২ বজাত ঘটনাটো সংঘটিত হয়।

সূত্ৰসমূহে কয় যে  এখন মটৰচাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই আগৰৱালাক লক্ষ্য কৰি  গুলীয়ায়।

আগৰৱালাক ততাতয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় তথা হাস্পাতললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ঘটনা তেওঁৰ ঘৰৰ পৰা প্ৰায় ১০০ মিটাৰ আঁতৰত সংঘটিত হয়।

আগৰৱালা বিনায়ক আটা মিলৰ এজন কৰ্মচাৰী আছিল আৰু তেওঁ মিলটোত বিগত ৮ বছৰ ধৰি কাম কৰি আছিল।

তেওঁ ডিব্ৰুগড় চহৰৰ গ্ৰাহাম বজাৰৰ বেৰিয়া বিল্ডিঙৰ এজন বাসিন্দা আছিল।

স্থানীয় লোকে কয়,’’সন্ধিয়া আমি গুলীওৱাৰ শব্দ শুনো। আগৰৱালা এজন ভদ্ৰলোক আছিল আৰু অঞ্চলটোৰ সকলোৰে লগত মধুৰ সম্পৰ্ক আছিল।‘’

ঘটনাস্থলীত উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে কয় যে আগৰৱালাৰ পৰিয়ালক ধন দাবী কৰাৰ  কোনো তথ্য পোৱা হোৱা নাই।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাই কয় যে আগৰৱালাক অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰে।

‘’আমাৰ প্ৰাথমিক অনুসন্ধানৰ পৰা আমি জানিব পাৰিছো যে তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল। তেওঁৰ মৃতদেহৰ পৰা ১৫ মিটাৰ আঁতৰত এটা কাৰ্টিজ পোৱা গৈছে,’’-বৰাউ কয়।

‘’এতিয়ালৈকে আমি একো নিশ্চিত কৰিব পৰা নাই কিয়নো তদন্ত এতিয়া প্ৰাথমিক পৰ্যায়তে আছে,’’-তেওঁ লগতে কয়।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়,’’আমি শীঘ্ৰেই অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ম।‘’