NORTHEAST NOW (Assamese)

পতি-পত্নীৰ কাজিয়া ভাঙিবলৈ গৈ কৰিমগঞ্জত দাৰ ঘাপত প্ৰাণ গ’ল এজনৰ

March 20, 2019 7:23 pm · এন ই নাও নিউজ
Updated: March 20, 2019 7:24 pm
প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

কৰিমগঞ্জ জিলাৰ বাজাৰীচৰা অঞ্চলৰ মাগুৰাত মঙলবাৰে নিশা সংঘটিত এক নৃশংস হত্যাকাণ্ডত এজন লোকে প্ৰাণ হেৰুৱাবলগা হয়।

নিহত লোকজনক বাজাৰীচৰা গাঁৱৰ বাসিন্দা জেমছ চৰৈ বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে নিহত জেমছক একেখন গাঁৱৰে গেনবালিন দাস নামৰ লোকজনে দাৰে ঘপিয়াই হত্যা কৰে।

ঘটনাৰ বিৱৰণি অনুসৰি মঙলবাৰে নিশা গেনবালিন দাস তেওঁৰ পত্নীৰ সৈতে কাজিয়া লাগি থকা গম পাই জেমছ চৰৈয়ে তেওঁলোকৰ মাজত মীমাংসা কৰি দিবলৈ গৈছিল, ইয়াকে লৈ গেনবালিন আৰু জেমছৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

কাজিয়াৰ মাজতে খঙত অগ্নিশৰ্মা গেনবালিনে জেমছক দাৰে ঘাপ দিয়াত তেওঁৰ থিতাতে মৃত্যু হয়।

অৱশ্যে হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্ত গেনবালিনে স্থানীয় আৰক্ষী থানাত গৈ আত্মসমৰ্পণ কৰে বুলি জানিব পৰা গৈছে।

Related News