মহিলা চিকিৎসকক আক্ৰমণ কৰা বন্ধ সমৰ্থকক আটক

DzBRnhIUUAAseLR

তিনিচুকীয়া আটকহোৱা উগ্ৰ বন্ধ সমৰ্থকাৰী: ফটো: নৰ্থ-ইষ্ট নাও

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তাই আহোম যুৱ ছাত্ৰ পৰিষদ আৰু তাই আহোম ছাত্ৰ সন্থাই  শনিবাৰে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়।

একাংশ বন্ধ সমৰ্থকে তিনিচুকীয়া জিলাত দিব্যা সিং বৰঠাকুৰ নামৰ এগৰাকী কৰ্তব্যৰত মহিলা চিকিৎসকক আক্ৰমণ কৰা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে তিনিচুকীয়া আৰক্ষীয়ে উক্ত ঘটনা সংঘটিত কৰাৰ অভিযোগত বিপুল বুঢ়াগোঁহাই নামৰ যুৱক এজনক আটক কৰিছে।

উল্লেখযোগ্য যে ক’ল ইণ্ডিয়াৰ চকু চিকিৎসক দিব্যা সিং বৰঠাকুৰে নিজৰ এ এছ ০৬ কিও ৫৬৩৬ নম্বৰৰ গাড়ীখনেৰে আহি থকা অৱস্থাত  ডিগবৈৰ গোলাইত একাংশ উগ্ৰ বন্ধ সমৰ্থকে গাড়ীখনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত আহত হৈছিল কৰ্তব্যৰত মহিলা চিকিৎসক গৰাকী।

সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাত  জড়িত দোষীক শীঘ্ৰে আটক কৰি শাস্তি প্ৰদান কৰাৰ দাবী জনাইছিল বিভিন্ন মহলে। আনহাতে, বন্ধৰ সময়ত চৰম উদ্ভণ্ডালি কৰা আন দুজন বন্ধ সমৰ্থক ক্ৰমে অৰুণ বুঢ়াগোঁহাঁই আৰু জিন্টু মাউটক শনিবাৰে নিশাই আৰক্ষীয়ে আটক কৰে।