NORTHEAST NOW (Assamese)

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত কিশোৰ; এজন আহত

February 12, 2021 3:44 pm · চানু গগৈ
প্ৰতিনিধিত্বমূলক ফটো।

শুকুৰবাৰে দুপৰীয়া মৰিগাঁও চহৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত নগৰখনৰ সমীপৰ তেলাহীৰ ফৰিদ আলি নামৰ এজন পোন্ধৰ বছৰীয়া কিশোৰ গুৰুতৰভাৱে আহত হয়।

আহত কিশোৰ গৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে কিশোৰজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে এখন মাৰুতি গাড়ীৰ সতে বাইকৰ মুখামুখি খুন্দা লগাৰ ফলতে উক্ত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।

আনহাতে, একেখন বাইকত যোৱা মইনুল হক চৌধুৰী আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনা সংঘটিত কৰা মাৰুতিখনৰ নম্বৰ এ এছ ০১এ এন ০৭১০ আৰু বাইকখনৰ নম্বৰ এএছ২১এফ৫৩৩২ বুলি জানিব পৰা গৈছে।

Related News