NORTHEAST NOW (Assamese)

পুলৱামাত প্ৰচণ্ড গুলীয়াগুলী; নিৰাপত্তাৰক্ষীৰ হাতত মৃত্যু এজন সন্ত্ৰাসবাদীৰ

November 6, 2020 10:21 am · এন ই নাও নিউজ

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাৰক্ষী বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এই ঘটনাটো জিলাখনৰ পম্পোৰৰ লালপোৰাত সংঘটিত হৈছে।

জম্মু-কাশ্মীৰৰ আৰক্ষীয়ে জানিবলৈ দি কয়, ‘পম্পোৰত চলি থকা সংঘৰ্ষত এজন অচিনাকী সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছে’।

ইয়াৰ পূৰ্বে আৰক্ষীৰ আন এগৰাকী বিষয়াই জানিবলৈ দি কৈছিল যে ত্ৰাল অঞ্চলৰ পঞ্জৱা গাঁও আৰু কাকাপুৰা অঞ্চলৰ ৱানপুৰত সন্ত্ৰাসবাদীয় গুলীচালনা কৰিছিল।

এই আক্ৰমণত এজন লোকৰ মৃত্যু ঘটিছিল আৰু অন্য এজন লোক গুৰুতৰভাৱে আহত হৈছিল। মৃত্যু হোৱা লোকজন মহম্মদ আয়ুব আহংগাৰ আৰু আঘাতপ্ৰাপ্ত লোকজন মহম্মদ আছলম বুলি আৰক্ষীয়ে জনায়।

উল্লেখ্য যে সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ পিছতে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ লোকে সন্ত্ৰাসবাদী কেইজনৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

ইতিমধ্যে এই অভিযানত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলিও জম্মু-কাশ্মীৰ আৰক্ষীৰ ফালৰ পৰা সদৰী কৰিছে।

Related News