প্ৰতি ১৪ মিনিটৰ মূৰে মূৰে ভাৰতত চুৰি হয় এখন গাড়ী; চোৰৰ প্ৰথম পছন্দ মাৰুতি চুজুকি

প্ৰতিনিধিত্বমূলক ফটো।

গাড়ী চুৰিৰ ক্ষেত্ৰত পুনৰবাৰ এক নম্বৰত পৰিণত হৈছে দেশৰ ৰাজধানী দিল্লী। ৰাজধানীতেই বেছিভাগ গাড়ী চুৰিৰ ঘটনা সংঘটিত হয়। শেহতীয়াকৈ বীমা কোম্পানী Acco-য়ে তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশ কৰি ভাৰতত গাড়ী চুৰিৰ সংখ্যা কেনেদৰে বৃদ্ধি পাইছে সেই কথা উল্লেখ কৰিছে।

কোনবোৰ চহৰত গাড়ী চুৰিৰ সংখ্যা সৰ্বাধিক হৈছে তাকো প্ৰতিবেদনত উল্লেখ কৰা হৈছে। লগতে চোৰৰ প্ৰথম পছন্দ হৈছে মাৰুতি চুজুকি গাড়ী(Msruti Suzuki)।

দিল্লীত গাড়ী চুৰিৰ সংখ্যা সৰ্বাধিক। বীমা সেৱা প্ৰদানকাৰী কোম্পানী Acco য়ে শেহতীয়া প্ৰতিবেদনত দাখিল কৰা পৰিসংখ্যাত দেখা গৈছে যে দিল্লী হৈছে ভাৰতৰ ভিতৰতে সৰ্বাধিক গাড়ী চুৰি হোৱা চহৰ।

লগতে পঢ়কঃ জ্যেষ্ঠ সাংবাদিক আছিফ ইব্ৰাহিম আৰু নাই

দিল্লীৰ ভজনপুৰা, উত্তম নগৰত সৰ্বাধিক গাড়ী চুৰিৰ ঘটনা সংঘটিত হৈছে। ২০২৩ চনত এই অঞ্চলসমূহে একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষত থকা দেখা গৈছিল। এক’ৰ ৰিপ’ৰ্ট থেফ্ট এণ্ড দ্য চিটিত কোৱা হৈছে যে শ্বাহদৰা, পাটপাৰগঞ্জ আৰু বদৰপুৰ হৈছে তিনিখন নতুন ঠাই য’ত গাড়ী চুৰিৰ ঘটনা ব্যাপকভাৱে বৃদ্ধি পাইছে।

প্ৰতিবেদনত সৰ্বাধিক চুৰি বাহন থকা ছখন চহৰ চিনাক্ত কৰা হৈছে। দিল্লীৰ পিছতে চেন্নাই আৰু তৃতীয় স্থানত আছে বেংগালুৰু। আনহাতে, হায়দৰাবাদ, মুম্বাই আৰু কলকাতাত গাড়ী চুৰিৰ ঘটনা আটাইতকৈ কম হৈছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত গাড়ী চুৰিৰ সংখ্যা প্ৰায় দুগুণ হ’ব। কিন্তু দিল্লীত গাড়ী চুৰিৰ সংখ্যা ২০২২ চনত ৫৬%ৰ পৰা ২০২৩ চনত মাত্ৰ ৩৭% লৈ হ্ৰাস পাইছে। দিল্লী এন চি আৰত প্ৰতি ১৪ মিনিটৰ মূৰে মূৰে এখন গাড়ী চুৰি হয়। প্ৰতিদিনে গড়ে ১০৫খন গাড়ী চুৰিৰ ঘটনা সংঘটিত হয়।

কোনবোৰ দিনত বেছি গাড়ী চুৰি হৈছে সেই কথাও প্রতিবেদনত প্রকাশ কৰা হৈছে৷ ইয়াৰে বেছিভাগ গাড়ী দেওবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰে চুৰি হয়। দিল্লীত গাড়ী চুৰিৰ কেইবাটাও কাৰণ উল্লেখ কৰা হৈছে, য’ত সুপৰিকল্পিত গাড়ী পাৰ্কিংৰ অভাৱৰ কথাও কোৱা হৈছে। কলনীত উপযুক্ত পাৰ্কিং স্থান নাই। স্পেয়াৰ পাৰ্টছ আৰু ছেকেণ্ড হেণ্ড গাড়ীৰ বজাৰ অতি ওচৰত। সীমান্তও মুকলি। এই সকলোবোৰ কাৰণতে গাড়ী চুৰি কৰাটো ইয়াত সহজ বুলি অনুমান কৰা হয়।

লগতে পঢ়কঃ এইবাৰৰ নিৰ্বাচন আটাইতকৈ দীঘলীয়া; এক দেশ এক নিৰ্বাচন বিচৰাসকলে কথাটো মন কৰিছেনে?

কোনটো কোম্পানীৰ গাড়ী বেছিকৈ চুৰি হয় তাৰো উল্লেখ কৰা হৈছে। দিল্লী-এনচিআৰত মুঠ চুৰি গাড়ীৰ ৪৭% অকল মাৰুতি চুজুকিৰ। ইয়াৰ ভিতৰত মাৰুতি ৱেগন আৰ, মাৰুতি চুইফট, হুণ্ডাই ক্ৰেটা, হুণ্ডাই গ্ৰেণ্ড i10, আৰু মাৰুতি চুইফট ডিজাইৰ আদি গাড়ীয়েই আটাইতকৈ বেছি চুৰি হোৱা গাড়ী বুলি কোৱা হৈছে।