ওদালগুৰিৰ গৰুৱাঝাৰত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু এগৰাকী মহিলাৰ

IMG-20181008-WA0009

ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাই আহিছে পথ দুৰ্ঘটনাৰ সংখ্যা। ৰাজপথত প্ৰতিদিনে সংঘটিত হোৱা দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে।

ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত মঙলদৈ-ভূটীয়াচাং পথৰ গৰুৱাঝাৰ চ’কত আজি সংঘটিত হয় তেনে এক  ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকী ওদালগুৰিৰ ভূটীয়াচাং চাহ বাগিচাৰ মানগ্ৰী মুণ্ডা (৪৫) বুলি স্থানীয় লোকে চিনাক্ত কৰে।

উল্লেখ্য যে মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে চাইকেলেৰে আহি থকা অৱস্থাত পিছ ফালৰ পৰা তীব্ৰ বেগত অহা এ এছ ০১ জি চি ৯৭৯৯ নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিয়ে। কৰুণ দুৰ্ঘটনাটোত মহিলাগৰাকীৰ ঘটনাস্থলতে মৃত্যু হয় যদিও দৈৱ ক্ৰমে ৰক্ষা পৰে তেওঁৰ স্বামী শুক্ৰা মুণ্ডা।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ট্ৰাকখনৰ চালকজনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন বৰ্তমান পানেৰী আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে।