ধেমালি নহয়, খেলি থাকোতেই শিশুৱে চোবাই পেলালে বিষাক্ত সাপৰ পোৱালি; তাৰ পাছত…

WhatsApp Image 2020-09-06 at 9.41.13 AM

ফটো সৌজন্য: টাইমছ অফ ইণ্ডিয়া

ধেমালি নহয়, এটি শিশুৱে খেলি থাকোতে হঠাৎ এটা বিষাক্ত সাপৰ পোৱালি হাতেৰে ধৰি পেলায়। সেয়াই নহয়, সাপৰ পোৱালিটোক মুখত ভৰাই চোবাইয়ো পেলালে। আৰু ফলত শিশুটিৰ মুখতে প্ৰাণ গ’ল বিষাক্ত সাপৰ পোৱালিটোৰ।

এই মাৰাত্মক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বেৰেলি জিলাত শনিবাৰে আবেলি।

এই ঘটনাৰ পাছতে এবছৰীয়া শিশুটিৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে আৰু হাস্পাতলত ভৰ্তি কৰোৱা হয়।

ঘটনাৰ খৱৰ বিয়পি পৰাৰ পাছতে অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰে আৰু শিশুটি তথা সাপটোক চাবলৈ লোকে ভিৰ কৰে।

ৰাজ্যখনৰ ফতেহগঞ্জৰ পশ্চিমাঞ্চলৰ ভোলাপুৰত ঘটনাটো সংঘটিত হৈছে।

ঘটনা অনুসৰি, শিশুটিৰ অভিভাৱকে তাৰ মুখত কিবা এটা  চোবাই থকা যেন সন্দেহ কৰি শিশুটিৰ ওচৰলৈ গৈ মুখখন মেলি চোৱাৰ লগে লগে হতভম্ব হৈ পৰে।

তেওঁলোক শিশুটিৰ মুখৰ ভিতৰৰ পৰা ৭ইঞ্চি দীঘল এটা সাপৰ পোৱালি দেখা পায়। শিশুটিক স্থানীয় এখন হাস্পাতলত ভৰ্তি কৰি জৰুৰী চিকিৎসা প্ৰদান কৰা হয় আৰু দুঘন্টা চিকিৎসাৰ পাছত শিশুটিক ঘৰলৈ নিবলৈ দিয়া হয়।

সাপৰ পোৱালিটো মুখৰ পৰা উলিয়াই বাহিৰলৈ অনাৰ পাছত চিকিৎসকসকলো আচৰিত হৈ পৰে।

শিশুটিৰ চিকিৎসা কৰা চিকিৎসকগৰাকীয়ে কয় যে ৭ ইঞ্চি দীঘল হোৱাৰ বাবে শিশুটিৰ তেনেকৈ বিশেষ ক্ষতি হোৱা নাই। অৱশ্যে, সাপটো বাহিৰলৈ উলিয়াই ননা হ’লে হয়তো শিশুটিৰ মৃত্যু পৰ্যন্ত হোৱাৰ আশংকা আছিল।

বাতৰি অনুসৰি, সাপটোৰ ফনাও সৃষ্টি হৈছিল। শিশুটিয়ে সাপটো মুখত সোমাই চোবোৱাৰ চেষ্টা কৰিছিল। শিশুটিৰ মুখৰ ভিতৰতে সাপটোৰ দম বন্ধ হৈ মৃত্যু হয়।