পাহাৰীয়া ডিমা হাচাও জিলাৰ উমৰাংছু আৰক্ষী থানাৰ অন্তৰ্গত তিনি কিলোত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰে।
যুৱকজনক সুচেন দেব (৩৩) বুলি চিনাক্ত কৰা হৈছে। মৃতদেহটো তিনি কিলো আৰক্ষী চকীৰ পৰা মাথো এশ মিটাৰ দূৰত উদ্ধাৰ কৰা হয়।
যুৱকজনৰ ডিঙিত আঘাত কৰি হত্যা কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ লগত জড়িত থকাৰ সন্দেহত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰি সোধা পোচা অব্যাহত ৰাখিছে।
উমৰাংছু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুমণি হাজৰিকাই সংবাদ মাধ্যমক কয় যে আজি ৰাতিপুৱা তিনি কিলোত এজন যুৱকৰ মৃতদেহ পোৱা গৈছে। সেইমতে উমৰাংছুৰ পৰাও আৰক্ষীৰ দল ঘটনাস্থলত উপস্থিত হয়। আৰক্ষীয়ে তিনি কিলোৰ আছাম মিনাৰেল ডেভেলপমেন্ট কৰপ’ৰেশ্যন ফিল্ডৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু যুৱকজনক সুচেন দেৱ বুলি চিনাক্ত কৰে।
প্ৰাপ্ত তথ্য অনুসৰি যুৱকজন কয়লাৰ কামৰ লগত জড়িত আছিল আৰু শনিবাৰে এ এম ডি চি ফিল্ডত কয়লা জমা কৰি ৰখাৰ কাৰণে এক্সাভেটৰ লগাই গাত খান্দি আছিল। ৰাতি ঘৰলৈ নোযোৱাত ৰাতিপুৱা ঘৰৰ মানুহে সুচেনক বিচাৰি থাকোতেই মৃতদেহ উদ্ধাৰৰ খবৰ আহে আৰু ঘৰৰ মানুহে সুচেন বুলি চিনাক্ত কৰে।
আজি হাফলং অসামৰিক চিকিৎসালয়ত সুচেনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।