NORTHEAST NOW (Assamese)

বহিঃৰাজ্যত দুৰ্ঘটনাত পতিত হৈ দেৰগাঁৱৰ যুৱকৰ মৃত্যু

December 26, 2018 6:27 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

বহিঃৰাজ্যত সংঘটিত এক দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় অসমৰ এজন যুৱকে।  দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম মানসজ্যোতি বৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে জীৱিকাৰ সন্ধানত বহিঃৰাজলৈ যোৱা তথা হায়দৰাবাদত সংঘটিত দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা মানসজ্যোতি দেৰগাঁৱৰ খকন্দগুৰিৰ নিৱাসী বুলি জানিব পৰা গৈছে। ৩ দিনৰ পূৰ্বেই মৃত্যুক আঁকোৱালি লৈছিল দুৰ্ঘটনাত পতিত মানসজ্যোতি বৰাই।

ইতিমধ্যে হায়দৰাবাদৰ পৰা বিমানেৰে আনি যুৱকজনৰ মৃতদেহ গুৱাহাটীলৈ অনা হৈছে আৰু গুৱাহাটীৰ পৰা এম্বুলেঞ্চেৰে দেৰগাঁৱৰ খকন্দগুৰিৰ নিজা ঘৰলৈ নিয়া হৈছে।

Related News