অ’ এন জি চিয়ে ২৪ ঘণ্টাই অব্যাহত ৰাখিছে কাম-কাজ

ONGC, Assam Asset works 24x7 in the Oil and Gas Fields to produce Oil and Gas

কৰ’নাভাইৰাছৰ আতংকৰ মাজতো অ’ এন জি চিৰ অসম সম্পদে তেল আৰু গেছৰ উৎপাদন অব্যাহত ৰাখিছে।

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে ২৪ ঘণ্টাই নিজৰ কাম-কাজ অব্যাহত ৰাখিছে।

ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি কভিড১৯ প্ৰতিৰোধ কৰিবলৈ অ’এনজিচিয়ে ২৩ মাৰ্চৰ পৰাই আন ঠাইৰ পৰা অসমলৈ বিষয়া-কৰ্মচাৰী অহাত নিষেধাজ্ঞা আৰোপ কৰিছে।

“সম্প্ৰতি ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি তোলাৰ সময়তো তেল আৰু গেছৰ যোগানৰ ক্ষেত্ৰত অসম তথা দেশৰ জনসাধাৰণ যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়, সেয়া সুনিশ্চিত কৰিবলৈ প্ৰতিকূল পৰিৱেশৰ মাজতো অ’এনজি চি, অসম সম্পদ ৰ বিষয়া-কৰ্মচাৰী সকলে ২৪ ঘণ্টাই কাম কাজ অব্যাহত ৰাখিছে,” বিবৃতিত প্ৰকাশ।

অ’এনজি চিয়ে তেল খাদ আৰু পাইপলাইনসমূহৰ সুৰক্ষাৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।ইয়াৰ যোগেদি অ’এনজিচিৰ অভিযান এলেকাৰ জনসাধাৰণৰো নিৰাপত্তা সুনিশ্চিত কৰা হৈছে।

তেল আৰু গেছৰ উৎপাদন হৈছে এক অত্যাৱশ্যকীয় সেৱা আৰু ই পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি নিত্য ব্যৱহার্য ইন্ধনৰ যোগান অব্যাহত ৰখাৰ বাবে অতিকে প্ৰয়োজনীয়।

অ’এনজিচিয়ে শিৱসাগৰ আৰু চৰাইদেও জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ আকুণ্ঠ সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

প্ৰতিষ্ঠানটোৱে ভৱিষ্যতেও প্ৰতিকূল পৰিৱেশতো নিগমৰ অত্যাৱশ্যকীয় কাম-কাজসমূহ সুকলমে সম্পাদন কৰাত সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।