তেল উৎপাদনৰ লক্ষ্যত পিছ পৰি গেছ উৎপাদনত দুগুণৰ লক্ষ্য অতিক্ৰম অএনজিচিৰ

22INTHROHONGC

বিগত বিত্তীয় বৰ্ষত (২০১৭-১৮) অএনজিচিয়ে অসমৰ তৈল সম্পদ ক্ষেত্ৰত ধাৰ্য কৰা লক্ষ্যত উপনীত হ’ব নোৱাৰিলে। কোম্পানীটোৱে চলিত বিত্তীয় বৰ্ষত ১৬,২০০ বেৰেল/প্ৰতি দিন উৎপানৰ লক্ষ্য স্থিৰ কৰিছিল যদিও ৫.৯ হাজাৰ বেৰেল (5.7mbls), অৰ্থাৎ ১৬,২০০ বেৰেল/দিন (16,200 b/d ) উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছিল যদিও ই প্ৰায় ৫.৭ হাজাৰ বেৰেল অৰ্থাৎ ১৫,৭০০ বেৰেল/দিন তেল উৎপাদন কৰিবলৈ সক্ষম হয়।

অএনজিচিয়ে ‘অভিযান, ২৬০০’ত অসমৰ তৈল সম্পদ ক্ষেত্ৰত উৎপাদন ২৬,০০ টন/দিন অথবা ১৮,০০০ বেৰেল/দিনলৈ বৃদ্ধি কৰিব।

২০১৮-১৯ বিত্তীয় বৰ্ষত এই লক্ষ্যত উপনীত হোৱাৰ বাবে অএনজিচিয়ে ইয়াৰ উৎপাদন ২৮৮৭ বেৰেল/দিনলৈ অৰ্থাৎ ১৮ শতাংশ বৃদ্ধি কৰিব লাগিব।

এয়া এয়া অতি কঠিন কাম, কাৰণ ২০১৬-১৭ বিত্তীয় বৰ্ষত মাত্ৰ ১ শতাংশ উৎপাদনহে বৃদ্ধি হৈছে।

অৱশ্যে অসমৰ উৎপাদন ক্ষেত্ৰত গেছৰ উৎপাদন বৃদ্ধি হৈছে। পূৰ্বৰ বিত্তীয় বৰ্ষত তুলনাত চলিত বিত্তীয় বৰ্ষত গেছৰ উৎপাদন ৪৪৭ মেট্ৰিক ঘনমিটাৰ/বৰ্ষ, ১.২ মেট্ৰিক ঘনমিটাৰ/দিন অৰ্থাৎ ১৭ শতাংশলৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

অএনজিচিয়ে ১৯০ মেট্ৰিক ঘনমিটাৰ/বৰ্ষ অৰ্থাৎ ৫২০,০০০ ঘনমিটাৰ/দিন গেছ বিক্ৰি কৰিবলৈ সক্ষম হৈছে, যিটো স্থিৰকৃত লক্ষ্য ৮৬ মেট্ৰিক ঘনমিটাৰ/বৰ্ষ বা ২৩৫,০০০ ঘনমিটাৰ/দিন লক্ষ্যৰ দুগুণতকৈও অধিক।

ইয়াৰ ফলত অনএনজিচিৰ অসম সম্পদ ক্ষেত্ৰৰ লোকচানৰ মাত্ৰা ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ৬৯৯ কোটি টকাৰ (১২২ ডলাৰ) পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩০০ কোটিলৈকে (৪৬ ডলাৰ)হ্ৰাস কৰিবলৈ সক্ষম হৈছিল।

এচাম যোগাত্মক সূত্ৰই অনুভৱ কৰে যে ২০১৮-১৯ বিত্তীয় বৰ্ষত কোম্পানীটোৰ অসম তৈল সম্পদ ক্ষেত্ৰই নামমাত্ৰ লাভ প্ৰদান কৰিব। এই ক্ষেত্ৰত কোম্পানীটোৱে প্ৰতি মিটাৰ খননৰ ব্যয় হ্ৰাস কৰি আৰু ৰিগ ব্ৰেক-ডাউনৰ বাবে উৎপাদনহীন সময় হ্ৰাস কৰি তৈল সম্পদ উৎপাদন উদ্ঘাটনৰ ব্যয় হ্ৰাস কৰিব লাগিব।

২০১৭-১৮ বিত্তীয় বৰ্ষত অএনজিচিৰ অসম তৈল সম্পদ ক্ষেত্ৰৰ ২৩টা ডেভেলপমেণ্ট ৱেল আৰু ৬টা উদ্ঘাটন ৱেল খননৰ লক্ষ্য অতিক্ৰম কৰিছিল।

অসম তৈল সম্পদ ক্ষেত্ৰৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শীৰ্ষস্থানীয় বিষয়াই জনাইছে, ‘‘আমি সময়ৰ পূৰ্বেই আমাৰ লক্ষ্যত উপনীত হৈছোঁ আমি ২৫টা পৰ্যন্ত ডেভেলপমেণ্ট ৱেল খন সম্পন্ন কৰিছোঁ।’’

উল্লেখ্য যে ২০১৭-১৮ চনত অএনজিচিয়ে ১৭৮টা ‘ৱৰ্কঅভাৰ’ ৱেলৰ লক্ষ্যত উপনীত হৈছে। অনজিচিৰ অসম তৈল সম্পদ ক্ষেত্ৰত আছে গেলেকী, লাকুৱা, ৰুদ্ৰসাগৰ. লেখমানি, লিপিংগাঁও, দেমুৱালগাঁও, চেৰালী আৰু চাংমাইগাঁও।

অএনজিচিৰ বিস্তৃতি লাভ কৰি থকা অসম তৈল সম্পদ ক্ষেত্ৰই ৪৭টা তৈল আৰু গেছ উৎপাদন স্থান পৰিচালনা কৰে আৰু ইয়াৰ ফ্লীট ১৮টা ড্ৰিলিং ৰিগ আৰু ১৬ ৱৰ্কঅভাৰ ৰিগেৰে সমৃদ্ধ।