শিৱসাগৰ নগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মুকলি বিহু

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দ’লমুখ চাৰিআলিত থকা ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বুধবাৰে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই মুকলি বিহু উদযাপন কৰে।

মুকলি বিহুখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক এনামুদ্দিন আহমেদে। উদ্ধোধনী ভাষণত আহমেদে কয় যে বিহুৰ আনন্দৰ লগত সমান্তৰালকৈ কৰ্ম সংস্কৃতিৰ দিশটো জড়িত হৈ থাকে। কিন্তু শেহতীয়াকৈ বিহুৰ লগত একাত্ম হৈ থকা বস্ত্ৰ, বাদ্যযন্ত্ৰ, খাদ্য সামগ্ৰীকে ধৰি আন আন সামগ্ৰীসমূহ বহিঃৰাজ্যৰ পৰা আমদানি কৰাৰ কথা দোহাৰি তেওঁ কৰ্ম সংস্কৃতিক প্ৰাধান্য দিয়াৰ আহ্বান জনায়।

তেওঁ আৰু কয়, ‘কিছুদিন পূৰ্বে একাংশ চৰকাৰী বিষয়াই পৰমপৰাগত সাজ-পাৰ পৰিধান কৰি প্ৰতিমাহৰ তৃতীয়টো শনিবাৰে কাৰ্যালয়ত উপস্থিত থাকিবলৈ চৰকাৰে নিৰ্দেশ দিছিল। সেইমৰ্মে চৰকাৰী বিষয়া কৰ্মচাৰী সকলে বহিঃৰাজ্যৰ পৰা অহা দামী বস্ত্ৰ পৰিধান কৰি চেল্ফি মাৰি ফেচবুকত আপডেট দিছিল। কিন্তু এটা মাহৰ পিছতেই এই পৰম্পৰা লুপ্ত পালে।’ এনে সস্তিয়া জনপ্ৰিয়তা অৰ্জনৰ পৰিবৰ্তে চৰকাৰী  বিষয়াসকলক থলুৱাভাৱে উৎপাদিত বস্ত্ৰ ক্ৰয় কৰি থলুৱা শিল্পীসকলক আৰ্থিকভাৱে সহায় কৰাৰ তেওঁ আহ্বান জনায়।

সংগঠনটোৰ সাধাৰণ সম্পাদক মৃদুল দাসে আঁত ধৰা উদ্ধোধনী অনুষ্ঠানত সভাপতি পৰশজ্যোতি দাসে কয় যে পূৰ্বে সংগঠনটোৱে শিৱসাগৰৰ বিভিন্ন গ্ৰাম্যাঞ্চলত মুকলি বিহু উদযাপন কৰি আহিছে যদিও আগন্তুক সময়ত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখতেই এই বিহু পতা হ’ব।

মুকলি বিহুৰ আৰম্ভনিতে জাঁজী পৰীয়া হুঁচৰি দলে হুঁচৰি পৰিৱেশন কৰাৰ লগতে এই দলটোৱে মিচিং, বড়ো, তিৱা, কছাৰীকে ধৰি অসমৰ বহুকেইটা জনগোষ্ঠীৰ পৰমপৰাগত বিহু নৃত্য পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। ইয়াৰ পিছতেই মেজেঙা হুঁচৰি দলে হুঁচৰি আৰু কণমানি শিল্পী কৌশিক কমল দাসে গীত পৰিৱেশন কৰে।