NORTHEAST NOW (Assamese)

ধিক্ বিদ্যুৎ বিভাগ! নগাঁৱৰ খাটোৱালত আজিও পৰি ৰৈছে যমদূতৰূপী তাঁৰ

September 22, 2018 2:44 pm · মিণ্টু দাস
খাটোৱালত এতিয়াও পৰি ৰৈছে উন্মুক্ত বিদ্যুতৰ তাঁৰ। ফটো : নৰ্থইষ্ট নাও

নগাঁৱৰ ৰূপহীহাটৰ খাটোৱালত যিকোনো মুহূৰ্ততে পুনৰ সংঘটিত হ’ব পাৰে আন এক ভয়াৱহ অঘটন। বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই আৰু নিৰীহ লোকে হেৰুৱাবলগীয়া হ’ব পাৰে প্ৰাণ।

শুকুৰবাৰৰ ভয়াৱহ ঘটনাটোৰ পিছত আজিও এনে দুৰ্ভাৱনাই খেদি ফুৰিছে গাঁওখনৰ লোকসকলক। কিয়নো শক্তি মন্ত্ৰী তপন গগৈৰ আশ্বাসক একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত কৰি শনিবাৰেও এই পৰ্যন্ত উন্মুক্ত হৈ পৰি ৰৈছে ৭জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া যমদূতৰূপী তাঁৰডাল।

কেৱল দৰমহাৰ টকা হিচাপ কৰিব জনা ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে কালিৰ ঘটনাটোৰ পৰাও কোনো শিক্ষা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।

একাংশ সচেতন লোকে বিভাগটোক ফোনেৰে এই কথা বাৰম্বাৰ জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। এনেদৰে বিভাগটোৰ অৱহেলাৰ বাবে তাঁৰডাল আজিও উন্মুক্ত হৈ পৰি ৰোৱাত গাঁওখনৰ লোকসকলে পথটোৰ উক্ত ঠাইৰে অহা-যোৱা কৰাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে।

আনহাতে, অভিভাৱকসকলে ল’ৰা-ছোৱালীক সেই তাঁৰডালৰ ওচৰলৈ নাযাবলৈ সকীয়াই দিয়াৰ লগতে তাৰ মাজতে কোনোৱে তালৈ যোৱাৰ আংশকাত বাৰে বাৰে চাই থাকিবলগীয়াত পৰিছে।

Related News