নদীত অবৈধভাৱে মাছমৰা কাৰ্যৰ বিৰুদ্ধে অভিযান

fishing-2-

অভিযানৰ সময়ৰ দৃশ্য

নদীত মাছমৰা কাৰ্য নিষিদ্ধ যদিও এনে নিষেধাজ্ঞাক অৱমাননা কৰি এতিয়াও একাংশ লোকে ৰাজ্যৰ প্ৰায়বোৰ নদীতে মাছমৰা কাৰ্য চলাই গৈছে। সেয়ে এনে লোকৰ বিৰুদ্ধে আজি মীন বিভাগে এক অভিযান চলায়।

আজি ৰাতিপুৱা মীন উন্নয়ন বিষয়া অনিষা শৰ্মাৰ নেতৃত্বত যোৱা এটা দলে গুৱাহাটী চহৰৰ সমীপৱৰ্তী আমিনগাঁৱত অভিযান চলাই অবৈধভাৱে নদীত মাছ মাৰি থকা কেইজন মান লোকক হাতে-লোটে ধৰা পেলায়।

অভিযানকাৰী দলটোৱে মাছমৰীয়া কেইজনৰ পৰা নাও, নেট আদিৰ লগতে মাছ ধৰা বিভিন্ন সজুঁলি জব্দ কৰে। ইয়াৰ উপৰি দলটোৱে কিছু পৰিমানে মাছো জব্দ কৰে।

এই অভিযান সন্দৰ্ভত মীন উন্নয়ন বিষয়া গৰাকীয়ে উল্লেখ কৰি কয় যে অনাগত দিনত এনেধৰণৰ অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰা হ’ব।

উল্লেখ্য যে অসম মীন অধিনিয়ম,১৯৫৩ৰ অধীনত জাৰি কৰা নিৰ্দেশনা অনুসৰি মাছৰ প্ৰজননৰ এই সময়ছোৱাত ৭/১৪ ছে: মি:ৰ তলৰ বৰজাল/মহাজাল বা ফাঁচিজাল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।