১২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল কলকাতা বিমান বন্দৰৰ কামকাজ

Kolkata Airport

প্ৰতিনিধিত্বমূলক ফটো।

আজি সন্ধিয়া ৬ বজাৰ পৰা পৰৱৰ্তী ১২ ঘণ্টাৰ বাবে অতি ব্যস্ত কলকাতা বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে।

প্ৰচণ্ড গতিৰে কলকাতা মহানগৰৰ দিশে আগ বঢ়া সামুদ্ৰিক ঘূৰ্ণিবতাহ ‘বুলবুল’ৰ শংকাতে বন্দৰটোৰ কামকাজ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্য্যন্ত বেগত অহা ঘূৰ্ণিবতাহজাক আজি সন্ধিয়া পশ্চিম বংগৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে।

“প্ৰচণ্ড ঘূৰ্ণি বতাহ ‘বুলবুল’ৰ আগমনৰ বাবে কলকাতা বিমান বন্দৰৰ কামকাজ ৯ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ১০ নৱেম্বৰৰ পুৱা ৬ বজালৈ বাতিল কৰা হৈছে”, গৃহ মন্ত্ৰ্যালয়ৰ এজন বিষয়াই কয়।

এই তীব্ৰবেগী বতাহজাক আজি ২:৩০ বজাত কলকাতাৰ পৰা ১৮৫ কিলোমিটাৰ আছিল।

বতাহ-ধুমুহাৰ লগতে প্ৰবল বৃষ্টিপাতৰ লগতে অতি প্ৰচণ্ড বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। আনহাতে একে সময়তে ১ মিটাৰৰ পৰা ২ মিটাৰ পৰ্য্যন্ত উচ্চতাৰ ঢৌৰ সৈতে জোৱাৰ উঠাৰ সম্ভাৱনা আছে।

আজি ৰাতি ৮ বজাৰ পৰা ১০ বজালৈ মহানগৰখনত এই সামুদ্ৰিক ঘূৰ্ণিজাকৰ প্ৰাবল্য সৰ্বাধিক হোৱাৰ সম্ভাৱনা।

উল্লেখযোগ্য যে দুদিন পূৰ্বেই ‘বুলবুল’ক সম্পৰ্কত ইয়াৰ প্ৰভাৱ পৰিব লগীয়া পশ্চিম বংগৰ জিলাসমূহৰ প্ৰশাসনক আগতীয়াকৈ সতৰ্ক কৰি দিয়া হৈছিল।