কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দৃষ্টিগোচৰ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।
শইকীয়াই স্মাৰক পত্ৰত উল্লেখ কৰা মতে চৰাইদেউ, বঙাইগাঁও, গুৱাহাটী, গোৱালপাৰা আদি কেইবাখনো জিলাত কিছু দৰিদ্ৰ শ্ৰমিক আৰু কৃষকৰ লকডাউনৰ ফলত খাদ্যৰ অভাৱত মৃত্যু হৈছে।
এই পৰ্যন্ত বহু বেচৰকাৰী সংগঠন তথা হৃদয়ৱান ব্যক্তিয়ে খাদ্যৰ অভাৱত ভোগা লোকক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে যদিও লকডাউনৰ সময় সীমা এনেকৈ বৃদ্ধি হৈ থাকিলে এই সংগঠন তথা ব্যক্তি সমূহৰ পক্ষে সাহাৰ্য্য সামগ্ৰী যোগান ধৰি যোৱাটো কঠিন হৈ পৰিব বুলিও তেওঁ স্মাৰক পত্ৰত উল্লেখ কৰে।
সেইহেতুকে অসমৰ দৰিদ্ৰ ৰাইজৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ বৰ্তমান সময়ত কৰণীয় কিছু কাৰ্য আছে বুলি উল্লেখ কৰে শইকীয়াই।
তলত শইৰীয়াই মুখ্য মন্ত্ৰীলৈ আগবঢ়োৱা কেইটামান পৰামৰ্শ অ-সম্পাদিত ৰূপত আগবঢ়ালো।
- অসম চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পেকেট সকলো অভাৱগ্ৰস্ত পৰিয়ালকে যোগান ধৰিব লাগে।
- চৰকাৰে অসমৰ বিভিন্ন স্থানত সামূহিক ৰন্ধনশালৰ (community kitchen) ব্যৱস্থা কৰিব লাগে আৰু সামাজিক ব্যৱধান আদি সুনিশ্চিত কৰি খাদ্যৰ অভাৱত ভোগা পৰিয়াল সমূহক খাদ্য যোগান ধৰিব পৰা যায়।
- গ্ৰামীণ লোকক হ্ৰস্বম্যাদী প্ৰশিক্ষণ দি সহায় কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্চাসেৱকক নিয়োজন কৰি সজোৰে প্ৰতিখন গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডত কৃষি কৰ্ম, পশুপালন আৰু উদ্যান শস্য আৰম্ভ কৰিব লাগে। মোৰ বোধেৰে লাইন বিভাগৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিকাশ কেন্দ্ৰ, ARIASP আদিয়ে বিগত সময়ত বহু কৃষক, পশুপালক আদিক যাৱতীয় সহায় কৰিব পৰাকৈ প্ৰশিক্ষণ দি থৈছে।
- অসমৰ কিছু এলেকাত টীকাকৰণৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা classical swine fever আদিত একাংশ পোহনীয়া গাহৰিৰ মৃত্যু হৈছে। সেইবাবে চৰকাৰে অনতিপলমে সংশ্লিষ্ট এলেকা সমূহত random sample test ৰ ব্যৱস্থা কৰিব লাগে আৰু ক্ষতিগ্ৰস্থ পশুপালক সকলক পৰ্যাপ্ত ক্ষতিপূৰণ দিব লাগে। ইয়াৰ উপৰি যিহেতু অধিক মাৰাত্মক African swine fever বহিঃৰাজ্যৰ পৰা খোৱাৰ বাবে আমদানী কৰা গাহৰিৰ পৰা সংক্ৰমণ হোৱা বুলি ভবা হৈছে, সেই হেতুকে যাৱতীয় পৰীক্ষা নকৰাকৈ বহিঃৰাজ্যৰ পৰা গাহৰিৰ আমদানী বন্ধ কৰিব লাগে।
- ইতিমধ্যে মাননীয় বিত্তমন্ত্ৰীয়ে ২০২০-২১ চনৰ বিধায়ক পুঁজিৰ ধন বৰ্তমানে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰিছে। কিন্তু মই আপোনাক অৱগত কৰিব বিচাৰো যে, কৃষি বিভাগৰ ফালৰ পৰা এতিয়াও বিশেষ তৎপৰতা লৈ কৃষক সকলক সকাহ দিয়াৰ ব্যৱস্থা কৰা আমাৰ চকুত পৰা নাই। সেয়েহে অতি কমেও ২৫ লাখ টকা প্ৰতি গৰাকী বিধায়কক নিজ নিজ সমষ্টিত কৃষি বিভাগৰ লগত আলোচনাৰ মৰ্মে কৃষকসকলে তৎপৰতাৰে কৃষি কৰ্মত জড়িত হৈ উৎপাদনমুখী হ’ব পৰাকৈ বীজ, সাৰ, পানী আৰু মাটি চহাব পৰা ব্যৱস্থা কৰিবলৈ ২০২০-২১ চনৰ বিধায়ক পূজিঁৰ ধন কৃষি বিভাগলৈ আৱণ্টন কৰিব লাগে।
- প্ৰয়োজন সাপেক্ষে চিকিৎসা বিভাগৰ তাৎক্ষণিক স্থানীয় অসুবিধা থাকিলে সেই অসুবিধা দূৰ কৰিবলৈ প্ৰতিজন বিধায়কৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ বিধায়ক পুঁজিৰ পৰা কমেও ১০ লাখকৈ টকা আৱণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে।
উপৰোক্ত কথা সমূহ মুখ্য মন্ত্ৰীক ইতিবাচক দৃষ্টি ভংগীৰে বিবেচনা কৰিবলৈ অনুৰোধ জনায় শইকীয়াই।