• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দৃষ্টিগোচৰ কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ দেবব্ৰত শইকীয়াৰ

লকডাউনৰ সময়ছোৱাত হতাশাগ্ৰস্ত দৰিদ্ৰ ৰাইজৰ হকে কি কৰিব লাগিব মুখ্য মন্ত্ৰীয়ে? তাৰে কেইটামান পৰামৰ্শ আগবঢ়ালে দেবব্ৰত শইকীয়াই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 2, 2020 8:34 pm
Debabrata-Saikia-at-Press-Meet-750x375

ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দৃষ্টিগোচৰ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

শইকীয়াই স্মাৰক পত্ৰত উল্লেখ কৰা মতে চৰাইদেউ, বঙাইগাঁও, গুৱাহাটী, গোৱালপাৰা আদি কেইবাখনো জিলাত কিছু দৰিদ্ৰ শ্ৰমিক আৰু কৃষকৰ লকডাউনৰ ফলত খাদ্যৰ অভাৱত মৃত্যু হৈছে।

Apply Now

এই পৰ্যন্ত বহু বেচৰকাৰী সংগঠন তথা হৃদয়ৱান ব্যক্তিয়ে খাদ্যৰ অভাৱত ভোগা লোকক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে যদিও লকডাউনৰ সময় সীমা এনেকৈ বৃদ্ধি হৈ থাকিলে এই সংগঠন তথা ব্যক্তি সমূহৰ পক্ষে সাহাৰ্য্য সামগ্ৰী যোগান ধৰি যোৱাটো কঠিন হৈ পৰিব বুলিও তেওঁ স্মাৰক পত্ৰত উল্লেখ কৰে।

সেইহেতুকে অসমৰ দৰিদ্ৰ ৰাইজৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ বৰ্তমান সময়ত কৰণীয় কিছু কাৰ্য আছে বুলি উল্লেখ কৰে শইকীয়াই।

তলত শইৰীয়াই মুখ্য মন্ত্ৰীলৈ আগবঢ়োৱা কেইটামান পৰামৰ্শ অ-সম্পাদিত ৰূপত আগবঢ়ালো।

  • অসম চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পেকেট সকলো অভাৱগ্ৰস্ত পৰিয়ালকে যোগান ধৰিব লাগে।

 

  • চৰকাৰে অসমৰ বিভিন্ন স্থানত সামূহিক ৰন্ধনশালৰ (community kitchen) ব্যৱস্থা কৰিব লাগে আৰু সামাজিক ব্যৱধান আদি সুনিশ্চিত কৰি খাদ্যৰ অভাৱত ভোগা পৰিয়াল সমূহক খাদ্য যোগান ধৰিব পৰা যায়।

 

  • গ্ৰামীণ লোকক হ্ৰস্বম্যাদী প্ৰশিক্ষণ দি সহায় কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্চাসেৱকক নিয়োজন কৰি সজোৰে প্ৰতিখন গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডত কৃষি কৰ্ম, পশুপালন আৰু উদ্যান শস্য আৰম্ভ কৰিব লাগে। মোৰ বোধেৰে লাইন বিভাগৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিকাশ কেন্দ্ৰ, ARIASP আদিয়ে বিগত সময়ত বহু কৃষক, পশুপালক আদিক যাৱতীয় সহায় কৰিব পৰাকৈ প্ৰশিক্ষণ দি থৈছে।

 

  • অসমৰ কিছু এলেকাত টীকাকৰণৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা classical swine fever আদিত একাংশ পোহনীয়া গাহৰিৰ মৃত্যু হৈছে। সেইবাবে চৰকাৰে অনতিপলমে সংশ্লিষ্ট এলেকা সমূহত random sample test ৰ ব্যৱস্থা কৰিব লাগে আৰু ক্ষতিগ্ৰস্থ পশুপালক সকলক পৰ্যাপ্ত ক্ষতিপূৰণ দিব লাগে। ইয়াৰ উপৰি যিহেতু অধিক মাৰাত্মক African swine fever বহিঃৰাজ্যৰ পৰা খোৱাৰ বাবে আমদানী কৰা গাহৰিৰ পৰা সংক্ৰমণ হোৱা বুলি ভবা হৈছে, সেই হেতুকে যাৱতীয় পৰীক্ষা নকৰাকৈ বহিঃৰাজ্যৰ পৰা গাহৰিৰ আমদানী বন্ধ কৰিব লাগে।

 

  • ইতিমধ্যে মাননীয় বিত্তমন্ত্ৰীয়ে ২০২০-২১ চনৰ বিধায়ক পুঁজিৰ ধন বৰ্তমানে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰিছে। কিন্তু মই আপোনাক অৱগত কৰিব বিচাৰো যে, কৃষি বিভাগৰ ফালৰ পৰা এতিয়াও বিশেষ তৎপৰতা লৈ কৃষক সকলক সকাহ দিয়াৰ ব্যৱস্থা কৰা আমাৰ চকুত পৰা নাই। সেয়েহে অতি কমেও ২৫ লাখ টকা প্ৰতি গৰাকী বিধায়কক নিজ নিজ সমষ্টিত কৃষি বিভাগৰ লগত আলোচনাৰ মৰ্মে কৃষকসকলে তৎপৰতাৰে কৃষি কৰ্মত জড়িত হৈ উৎপাদনমুখী হ’ব পৰাকৈ বীজ, সাৰ, পানী আৰু মাটি চহাব পৰা ব্যৱস্থা কৰিবলৈ ২০২০-২১ চনৰ বিধায়ক পূজিঁৰ ধন কৃষি বিভাগলৈ আৱণ্টন কৰিব লাগে।

 

  • প্ৰয়োজন সাপেক্ষে চিকিৎসা বিভাগৰ তাৎক্ষণিক স্থানীয় অসুবিধা থাকিলে সেই অসুবিধা দূৰ কৰিবলৈ প্ৰতিজন বিধায়কৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ বিধায়ক পুঁজিৰ পৰা কমেও ১০ লাখকৈ টকা আৱণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে।

উপৰোক্ত কথা সমূহ মুখ্য মন্ত্ৰীক ইতিবাচক দৃষ্টি ভংগীৰে বিবেচনা কৰিবলৈ অনুৰোধ জনায় শইকীয়াই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd