পাহাৰপুৰ আৰু নামফাইত লাইকা-দধীয়াবাসীক পুনঃসস্থাপনৰ বিৰোধ : ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

index.jpga

লাইকা-দধীয়াবাসীক মাৰ্ঘেৰিটা মহকুমাৰ পাহাৰপুৰ আৰু নামফাই বনাঞ্চলত অসম চৰকাৰে দিব বিচৰা পুনঃ সংস্থাপনৰ তীব্ৰ বিৰোধিতা অব্যাহত আছে মাৰ্ঘেৰিটা মহকুমাৰ সমগ্ৰ টিৰাপ অঞ্চলত।

লাইকা-দধীয়াবাসীক পাহাৰপুৰ আৰু নামফাই বনাঞ্চলত পুনঃ সংস্থাপনৰ ব্যৱস্থাত চৰকাৰ অটল থকাৰ বাবে আজি এই প্ৰতিবাদী কাৰ্যসূচীয়ে তীব্ৰ ৰূপ লয়।

যাৰ পৰিপ্ৰেক্ষিতত আজি বিভিন্ন দল সংগঠন আৰু কেইবা সহস্ৰাধিক টিৰাপবাসী ৰাইজ ৰাজপথলৈ পুনৰ ওলাই আহিব আহে।

বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰী,কলে।

এই পথ অৱৰোধ প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ দুয়ো মূৰে কেইবা শতাধিক যান বাহন বহু সময়ৰ বাবে আবদ্ধ হৈ পৰে।

আজিৰ প্ৰতিবাদী ৰাইজে হুংকাৰ দিয়ে যে কোনো কাৰণতে লাইকা-দধীয়াবাসীক পাহাৰপুৰ আৰু নামফাই বনাঞ্চলত সংস্থাপন কৰিবলৈ দিয়া নহ’ব।

টিৰাপবাসীৰ এই হুংকাৰ চৰকাৰ প্ৰশাসনে কেনে ধৰণে গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।