• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্রসংগ : বিজেপিৰ এন আৰ চি বিৰোধিতাৰ আৰত কিহৰ স্বাৰ্থ !

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
August 30, 2019 8:39 pm
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ উন্নীত কৰি থকা এন আৰ চি প্ৰকাশৰ চূড়ান্ত সময়সীমাৰ আগে আগে বিভিন্ন পক্ষই এন আৰ চি শুদ্ধ নহয় বুলি যি ঘোষণা আগবঢ়াইছে সেই ঘোষণাই সমগ্ৰ প্ৰক্ৰিয়াটোক পুনৰ অস্থিৰ কৰি তোলাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

এই ক্ষেত্ৰত প্ৰত্যাশিত ধৰণে ভাৰতীয় জনতা পাৰ্টি তথা দলটোৰ নেতৃত্বাধীন অসম ৰাজ্যিক মৰ্চা চৰকাৰখনে ৩১ আগষ্টৰ ভিতৰত প্ৰকাশ পাবলগীয়া নাগৰিকপঞ্জীখনৰ বিৰোধিতা কৰিছে।

ৰাজ্যবাসীৰ বহুপ্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া তাৰিখ অৰ্থাৎ ৩১ আগষ্টৰ ভিতৰত প্ৰকাশ পাব বুলি সকলোৱে আশাৰে বাট চাই থকাৰ মুহূৰ্তত দলটোৰ এই স্থিতিয়ে নিশ্চিতভাৱে দুটামান কথা প্ৰমাণ কৰিছে।

প্ৰথমতে, দলটোৱে তথা অসম চৰকাৰখনে প্ৰায় মুকলিভাৱে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি অহা এন আৰ চিখন শুদ্ধ নহ’ব বুলি কৈ আদালতক অৱমাননা কৰিছে।

উল্লেখযোগ্য যে, খচৰাত অন্তৰ্ভুক্ত লোকৰ অধিক পুনৰীক্ষণ বিচাৰি আজি কিছুদিন আগতে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। যোৱা ১৩ আগষ্টত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিন্টন ফলি নাৰিমনৰ বিচাৰপীঠে এনে পুনৰীক্ষণৰ দাবী নাকচ কৰি কয় যে বিষদ ভিত্তিত এন আৰ চি উন্নীতকৰণৰ সামগ্ৰিক প্ৰক্ৰিয়াটো চলাই থকা হৈছে।

এতিয়া আইনখনৰ ৩(১)(ক) ধাৰাৰ আলমত আৱেদনকাৰীৰ হৈ পৰামৰ্শ দিয়া অন্য কেতবোৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰি একেটা প্ৰক্ৰিয়াকে পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে দিব নোৱাৰে।

প্ৰনিধানযোগ্য যে, বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বেছিকৈ হোৱা সীমান্তৰ জিলাসমূহৰ ক্ষেত্ৰত এন আৰ চিৰ তথ্যৰ ২০ শতাংশ নমুনাৰ পুনৰ পৰীক্ষাৰ দাবী জনাইছিল অসম চৰকাৰে।

ন্যায়ালয়ে স্পষ্ট ৰূপত এনে পুনৰীক্ষণৰ প্ৰস্তাৱ মানি নোলোৱাৰ পাছত যিখন এন আৰ চি প্ৰকাশ পাব তাৰ গ্ৰহণযোগ্যতা বা বৈধতাক লৈ সন্দেহ-শংকা কৰাৰ কৰ্তৃত্ব প্ৰকৃততে কাৰো নায়। অথচ একে কৌশলৰে অসম চৰকাৰে এই এন আৰ চিখন উপেক্ষা কৰিবলৈ বিচাৰিছে।

অসম চৰকাৰে গ্ৰহণ কৰিব বিচৰা কৌশলটো এনেধৰণৰ।ৰাজ্যিক সমন্বয়ৰক্ষীয়ে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ পাছত এন আৰ চিত অন্তৰ্ভুক্ত আৰু বাদ পৰা লোকৰ তালিকা ভাৰতৰ মহাপঞ্জীয়কক জমা দিব লাগিব।

এন আৰ চি উন্নীতকৰণৰ মূল কৰ্তৃত্বশীল অধিকাৰী হিচাপে ভাৰতৰ মহাপঞ্জীয়কে অসমৰ উন্নীত এন আৰ চিৰ আনুষ্ঠানিকভাৱে অধিসূচনা (Notification) জাৰি কৰিব লাগিব আৰু তাৰ পাছতহে ই বৈধ নথি হিচাপে গ্ৰহণ কৰা হ’ব।

মহাপঞ্জীয়কৰ অধিসূচনা অসম চৰকাৰেও পুনৰ অধিসূচনা হিচাপে প্ৰকাশ কৰাৰ প্ৰয়োজন হ’ব। এতিয়া কথা হ’ল যিহেতু ৰাজ্যিক সমন্বয়ৰক্ষীয়ে চলাই থকা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপৰ অন্ত পৰিব, সেয়েহে এন আৰ চিৰ কৰ্তৃত্ব পূৰ্ণ ৰূপত ভাৰত চৰকাৰৰ হাতলৈ গুচি যাব।

বিজেপি দলটোৱে এই ক্ষণটোৰে পূৰ্ণ সুযোগ লবলৈ বিচাৰিছে। অৰ্থাৎ মহাপঞ্জীয়কে অধিসূচনা জাৰি কৰাৰ আগতেই অন্তৰ্ভুক্তি সম্পৰ্কত পুনৰীক্ষণৰ দাবী পুনৰবাৰ তোলা হ’ব।

এইক্ষেত্ৰত প্ৰয়োজন হ’লে অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত লৈছে ৰাজ্যিক চৰকাৰখনে।

প্ৰকৃত কথাটো হৈছে, বিজেপি দলটোৱে নিশ্চিত হৈছে যে প্ৰকাশ পাবলগীয়া এন আৰ চিৰ পৰা সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ তুলনাত বাংলাদেশী হিন্দুৰ সংখ্যা বৈছি বাদ পৰিব পাৰে। সেয়েহে এই বৃহৎ সংখ্যক হিন্দু বাংলাদেশীৰ নাম যাতে যিকোনো প্ৰক্ৰিয়াৰে এন আৰ চিত সন্নিবিষ্ট কৰিব পৰা যায় তাৰ বাবে তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি।

বিগত ১৭ আগষ্টত বিজেপি দলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰঞ্জিত দাসে কি কৈছিল তালৈ মন কৰক— ‘আমি বিদেশীৰ নামমুক্ত আৰু ভাৰতীয়ৰ নামবহিৰ্ভূত এন আৰ চি এখন পাবলৈ গৈ আছো।প্ৰকাশ হ’বলগীয়া এন আৰ চিখন শুদ্ধ হ’ব বুলি আমি নাভাবোঁ।…. আমি এন আৰ চি কাম-কাজ আৰু গতিবিধি দেখি মুঠে সন্তুষ্ট নহয়, সেয়েহে এজনো ভাৰতীয়ৰ নাম যদি এই এন আৰ চিৰ পৰা বাদ পৰে, তেতিয়া তেওঁলোকৰ স্বাভিমানৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰয়োজনত ন্যায়পালিকা, কাৰ্যপালিকা, বিধায়িনিত সুকীয়া সুকীয়াভাৱে বিষয়টো উত্থাপন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম।’

ৰাজ্যিক সভাপতিজনৰ কথাৰ পৰা অনুমান কৰিব পাৰি যে অসম চৰকাৰে সমাগত সময়ত এনে নামবহিৰ্ভূত লোকসকলৰ অন্তৰ্ভুক্তিৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী আইনৰ দ্ৰুত গৃহীতকৰণ আৰু ৰূপায়ণ, এন আৰ চি অধিসূচিত হোৱাৰ আগতেই পুনৰীক্ষণৰ দাবী তুলি স্বেচ্ছাই কিছু নিৰ্দিষ্ট লোকক হাৰাশাস্তি আৰু কিছু লোকক ৰেহাই দিয়াৰ যে পৰিকল্পনা কৰিব পাৰি তাত আমি নিশ্চিত হোৱাটো উচিত।

এতিয়া প্ৰশ্ন হ’ল, এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটো ত্ৰুটিপূৰ্ণ বুলি কৈ বিজেপি দলটোৱে পৰোক্ষভাৱে এন আৰ চিত কাম কৰা অসম চৰকাৰৰ ৫৫ হাজাৰ বিষয়া-কৰ্মচাৰীক জবাবদিহি কৰা নাই জানো?

ধুবুৰী, গোৱালপাৰাকে ধৰি কেইবাখনো জিলাৰ উপায়ুক্তই এন আৰ চিৰ কাম মন-প্ৰাণ দি কৰি থকাৰ পাছতো অসম চৰকাৰে তেওঁলোকক বদলি কৰিছিল বুলি সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিযোগ অনা হৈছিল।

ইয়াৰ অৰ্থ এয়ে নেকি যে অসম চৰকাৰে পূৰ্বৰে পৰা ছলে-বলে-কৌশলৰে এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটোক আসোঁৱাহপূৰ্ণ কৰাৰ চেষ্টা চলাইছিল!

শেষত, বিগত লোকসভা নিৰ্বাচনৰ সময়ত এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকক বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিদেশী আখ্যা দিছিল।

আনহাতে, যোৱা ১৫ আগষ্টত অসমৰ মুখ্য মন্ত্ৰীজনে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ হৈ উঠিলে অসমবাসীয়ে এখন ঐতিহাসিক দস্তাবেজ লাভ কৰিব বুলি কৈছিল।

এতিয়া এন আৰ চি প্ৰকাশ হোৱাৰ পূৰ্বেই বিজেপি দলৰ সভাপতিকে ধৰি নেতা-পালিনেতা কিছুমানে কিহৰ বাবে এই ওলোটা খৰ মাৰিছে ! কিহৰ ভিত্তিত তেওঁলোকে এন আৰ চিখন নিখুঁত নহ’ব বুলি গম পালে! অসমবাসীয়ে এনেবোৰ কথা জানিব লাগে।

কিশোৰ কুমাৰ কলিতা

লেখকৰ e-mail: [email protected]

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd