নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বৰপেটা জিলা উকীল সন্থাৰ অৱস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়াৰ সময়তে এই বিধেয়কৰ বিৰোধিতাৰে বৰপেটাত আজি ওলাই আহে উকীল সমাজ।

বৰপেটা জিলা উকীল সন্থাই আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী জনায়। কেইবা শতাধিক উকীলে বিভিন্ন প্লেকাৰ্ড লৈ চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্তৰ বিৰোধিতা কৰে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ অসম উকীল সন্থাৰ উপ-সভাপতি ডেভিদ লেজাৰে কয় যে চৰকাৰে একমাত্ৰ ভোটৰ স্বাৰ্থত অসমীয়া জাতিধ্বংসী বিধেয়কখন জাপি দিব বিচাৰিছে। লগতে এই বিধেয়কৰ বিৰোধিতা কৰা ড০ হীৰেণ গোহাঁই, মনজিৎ মহন্ত আৰু অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি চৰকাৰখনে নিজৰ ফেচিষ্ট চৰিত্ৰটো দেখুৱাই দিয়া বুলিও লেজাৰে কয়।

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ যাতে কোনো পধ্যে ৰাজ্যসভাত গৃহীত কৰিব নোৱাৰে তাৰ বাবে বিধেয়ক বিৰোধী আন্দোলনত উকীল সমাজ চামিল হ’ব বুলিও উপ-সভাপতি গৰাকীয়ে কয়।

লক্ষণীয় যে জিলা বিজেপিৰ নেতা তথা বৰপেটা জিলা উকীল সন্থাৰ সভাপতি চাণক্য পাঠকেও এই ধৰ্মঘটত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰোধিতা কৰে ৷ কাৰ্যসূচীত উকীল সন্থা জিলা সম্পাদক বিল্লাল হুছেইনৰ লগতে ছয় শতাধিক উকীলে অংশ গ্ৰহণ কৰে।