বিধানসভাত কথা ক’বলৈ নিদিলে অখিল গগৈক! সদনত মুখ্যমন্ত্ৰীৰ হাঁহি আৰু বিৰোধীৰ সদন ত্যাগ

E6EgF-SVIAAs4Wf-750x375

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সোমবাৰে প্ৰথম দিনটোতেই সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

সদনত শিৱসাগৰৰ বিধায়ক অখিল গগৈক অধ্যক্ষই কথা কোৱাত বাধা দিয়া দেখা গ’ল। চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ প্ৰশ্নৰ মাজত থিয় হৈ অখিল গগৈয়ে শিৱসাগৰৰ কথা উল্লেখ কৰিছিল।

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক অখিল গগৈক বাধা প্ৰদান সদনৰ মজিয়াত বিষয়টোলৈ অধ্যক্ষৰ সৈতে বাকযুদ্ধত লিপ্ত হয় অখিল গগৈ। অখিল গগৈক  এটাও মৌখিক প্ৰশ্নৰ সুযোগ দিয়া নহ’ল।

এনে মুহূৰ্তত আসনত বহি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাঁহি থকা দেখা গ’ল।

মূল্যবৃদ্ধিক লৈ আলোচনা নোহোৱাত সদন ত্যাগ বিৰোধীৰ।

আনহাতে, আজি মূল্যবৃদ্ধিৰ ওপৰত বিৰোধীয়ে সভা স্থগিত প্ৰস্তাৱ বিচাৰিছিল যদিও অধ্যক্ষই অনুমতি নিদিয়াত সদনৰ ভিতৰত বিৰোধী বিধায়কৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু পাছত সদন ত্যাগ কৰে।

পাছত সদনৰ বাহিৰত বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘’অসম বিধানসভা নীতি-নিয়মৰ বাহিৰত চলিছে। মোক কথা ক’বলৈ নিদিয়ে।মই কিবা ক’লেই শাসক পক্ষই চিঞৰে।এয়া ফেচিবাদী তথা অগণতান্ত্ৰিক।‘’

তেওঁ লগতে কয়, ‘’আজিৰ দিনটো অসম বিধানসভাৰ এটা ক’লা দিন। মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমাক কথা ক’বলৈ নিদিলে। মূল্যবৃদ্ধিৰ ওপৰত আলোচনা নোহোৱাটো দুৰ্ভাগ্যজনক।‘’