NORTHEAST NOW (Assamese)

অবিলম্বে CAA প্ৰত্যাহাৰ কৰক; ছোনিয়া গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰপতিৰ ওচৰত বিৰোধীৰ আহ্বান

December 17, 2019 8:17 pm · এন ই নাও নিউজ
Updated: December 17, 2019 8:22 pm
বিৰোধী দলৰ প্ৰতিনিধিসকল

নাগৰিকত্ব(সংশোধী)আইনৰ বিৰোধিতাৰে উত্তৰ-পূবকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হোৱাৰ সময়ত ৰাষ্ট্ৰপতিৰ দ্বাৰস্থ হৈছে বিৰোধী দলৰ প্ৰতিনিধিসকল।

মঙলবাৰে কংগ্ৰেছৰ কাৰ্য্যকৰী সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰপতি ভৱনলৈ যায় তৃণমূল-ডি এম কে-বাম-আৰজেডিৰ প্ৰতিনিধিসকল।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওচৰত উপস্থিত হৈ শীঘ্ৰে এই আইন প্ৰত্যাহৰ কৰাৰ বাবে আবেদন জনাই প্ৰতিনিধি দলটোৱে।

নাগৰিকত্ব (সংশোধনী) আইন প্ৰত্যাহাৰ নকৰিলে দেশৰ পৰিস্থিতি আৰু অধিক শোচনীয় হ’ব পাৰে বুলি ৰাষ্ট্ৰপতিৰ ওচৰত শংকা ব্যক্ত কৰে প্ৰতিনিধি দলটোৱে।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা ওলাই আহি কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে দেশৰ পৰিস্থিতি লক্ষ্য কৰি ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে আশ্বাস দিছে বুলি জানিবলৈ দিয়ে।

প্ৰতিনিধি দলটোত ছোনিয়া গান্ধীৰ লগতে কংগ্ৰেছৰ কপিল ছিব্বাল, এ কে এণ্টনি, আনন্দ শৰ্মা, তৃণামূলৰ ডেৰেক ও’ব্ৰায়েন, চিপিএমৰ সীতাৰাম য়েচুৰী, চিপিআইৰ ডি ৰাজাকে ধৰি বিভিন্ন দলৰ সেতাসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধনী)আইনৰ বিৰোধিতাৰে উত্তৰ-পূবত প্ৰবল প্ৰতিবাদ অব্যাহত আছে।

প্ৰশাসনে প্ৰতিবাদকাৰী সকলক দমণৰ বাবে অসমত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে।

Related News